ETV Bharat / bharat

দুৰ্ঘটনাত পতিত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ, সন্ধানহীন ৩ গৰাকী ক্ৰু - ICG Chopper Crashes

ICG Chopper Crashes: গুজৰাট উপকূলৰ সমীপৰ আৰৱ সাগৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন উদ্ধাৰকাৰী হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় । ৩ গৰাকী ক্ৰু সদস্য সন্ধানহীন । উদ্ধাৰ অভিযান অব্যাহত ।

ICG Chopper Crashes
দুৰ্ঘটনাত পতিত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 1:25 PM IST

নেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ : গুজৰাট উপকূলৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা । সোমবাৰে নিশা গুজৰাট উপকূলৰ সমীপৰ আৰৱ সাগৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এডভান্স লাইট হেলিকপ্টাৰ (এএলএইছ) দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাৰ ফলত প্ৰায় ৩ গৰাকী ক্ৰু সদস্য সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ।

জানিব পৰা মতে, গুজৰাটৰ মটৰ টেংকাৰ হৰি লীলা অফ পোৰবন্দৰৰ পৰা এজন আহত ক্ৰু সদস্যক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । হেলিকপ্টাৰখনে জৰুৰীকালীনভাৱে হাৰ্ড লেণ্ডিং কৰিব লগা হৈছিল আৰু তেনে সময়তে সাগৰত পৰি যায় ।

  • ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনা

ইতিমধ্যে ৪ গৰাকী ক্ৰু সদস্যৰ ভিতৰত এজনক উদ্ধাৰ কৰা হৈছে ৷ আনহাতে বাকী ৩ গৰাকীৰ বাবে অনুসন্ধান অভিযান চলি আছে । ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এই উদ্ধাৰ অভিযানত ৪ খন জাহাজ আৰু দুখন বিমান জড়িত হৈ আছে ।

  • উদ্ধাৰ অভিযান অব্যাহত

এই দুৰ্ঘটনা সন্দৰ্ভত এক্সৰ এটা পোষ্টত ভাৰতীয় উপকূলৰক্ষী বাহিনী জনাইছে যে এজন ক্ৰু সদস্যক উদ্ধাৰ কৰা হৈছে আনহাতে বাকী ৩ জনক বিচাৰি অনুসন্ধান চলি আছে আৰু উদ্ধাৰ প্ৰচেষ্টাৰ বাবে ৪ খন জাহাজ আৰু দুখন হেলিকপ্টাৰ মোতায়েন কৰা হৈছে ।

উল্লেখ্য যে, মটৰ টেংকাৰক সহায় কৰাৰ বাবে এক অভিযানৰ অংশ হিচাপে ২ ছেপ্টেম্বৰৰ নিশা ১১ বজাত হেলিকপ্টাৰখনে উৰা মাৰিছিল । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নিশ্চিত কৰিছে যে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে আৰু সন্ধানহীন কৰ্মচাৰীসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ কৰাৰ চেষ্টা কৰি থকা হৈছে ।

লগতে পঢ়ক :গণ আত্মহত্যাৰ চেষ্টা দহগৰাকী জনজাতীয় মহিলাৰ : আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে এই ঘটনা - Self Immolation Attempt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.