ETV Bharat / bharat

নাৰী সবলীকৰণ আৰু কল্যাণত 218.8% লৈ বাজেট বৃদ্ধি; অৰ্থনৈতিক সমীক্ষা 2024 - Union Budget 2024 25 - UNION BUDGET 2024 25

Economic Survey 2023-2024 : সোমবাৰে সংসদত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা 2024-ত কোৱা হৈছে যে চৰকাৰে বিভিন্ন বৃত্তিত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিভিন্ন আইনী হস্তক্ষেপ কৰিছে । সমীক্ষাত উল্লেখ কৰিছে যে ২০১৪ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ বিত্তীয় বৰ্ষলৈ মহিলাৰ কল্যাণ আৰু সবলীকৰণৰ বাবে বাজেটত ২১৮.৮% বৃদ্ধি হৈছে ।

Economic Survey 2023-2024
অৰ্থনৈতিক সমীক্ষা 2024ত প্ৰকাশ নাৰী সবলীকৰণৰ বাবে বাজেট বৃদ্ধিৰ তথ্য (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 9:05 PM IST

নিউজ ডেস্ক, ২২ জুলাই : কল্যাণৰ বাবে ভাৰতীয় ধাৰণা সবলীকৰণলৈ ৰূপান্তৰিত হোৱাৰ বাবে ভাৰত নাৰীৰ বিকাশৰ পৰা নাৰীৰ নেতৃত্বত বিকাশলৈ পৰিৱৰ্তন হৈছে । অৰ্থনৈতিক সমীক্ষা 2023-2024-ত এই বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে সংসদত উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা ২০২৩-২০২৪ ত ভূ-ৰাজনৈতিক আৰু গোলকীয় প্ৰত্যাহ্বানৰ সময়ত সংহতি আৰু সহমতৰ জৰিয়তে দেশখন পৰিচালনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

এই সমীক্ষাই স্থিতিস্থাপকতা প্ৰদৰ্শন কৰা বিস্তাৰিত ভাৰতীয় অৰ্থনীতিৰ ওপৰত আলোকপাত কৰে । অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে ভাৰতীয় অৰ্থনীতিয়ে ক'ভিড-পৰৱৰ্তী সময়ত অৰ্থনীতি পুনৰুদ্ধাৰ একত্ৰিত কৰিছে আৰু এক শক্তিশালী আৰু স্থিৰ পৰ্যায়ত আছে ।

সমীক্ষাটোত উল্লেখ কৰা হৈছে যে নাৰীশক্তিক জাগ্ৰত কৰাৰ বাবে চৰকাৰে বিভিন্ন আইনী হস্তক্ষেপ কৰিছে আৰু বিভিন্ন বৃত্তিত নাৰীৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ ব্যৱস্থা সক্ষম কৰিছে ।

এই অৰ্থনৈতিক সমীক্ষাই লগতে আঙুলিয়াই দিছে যে নাৰীৰ কল্যাণ আৰু সবলীকৰণৰ বাবে আঁচনি গ্ৰহণৰ ক্ষেত্ৰত বাজেটত ২১৮.৮ শতাংশ বৃদ্ধি দেখা গৈছে ।

ইয়াৰ বাবে ২০১৪ বিত্তীয় বৰ্ষত 97,134 কোটি টকাৰ (BE) পৰা ২০২৫ বিত্তীয় বৰ্ষত 3.10 লাখ কোটি টকালৈ বৃদ্ধি হৈছে আৰু লগতে ২০২৪ বি ই বিত্তীয় বৰ্ষৰ তুলনাত লিংগ বাজেট বিবৃতিত (Gender Budget Statement, GBS) 38.7 শতাংশ বৃদ্ধি দেখুৱাইছে ।

মুঠ কেন্দ্ৰীয় বাজেটত লিংগ বাজেটৰ অংশ ২০২৫ বিত্তীয় বৰ্ষত 6.5 শতাংশলৈ বৃদ্ধি হৈছে, যিটো হৈছে ২০০৬ বিত্তীয় বৰ্ষত জি বি এছ প্ৰৱৰ্তনৰ পিচত সৰ্বাধিক ।

লগতে পঢ়ক :কেন্দ্ৰীয় বাজেট ২০২৪-২৫ : ভাৰতৰ ৪৮ লাখ কোটিৰ বাজেটক কেনেকৈ পুঁজি যোগান ধৰা হৈছে ? - Union Budget 2024 25

সমীক্ষাটোৱে এই ক্ষেত্ৰতো জোৰ দিছে যে নাৰীৰ নেতৃত্বত বিকাশ কন্যা সন্তানৰ স্বাস্থ্য আৰু শিক্ষা নিশ্চিত কৰাৰ সৈতে আৰম্ভ হয় ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত জন্মৰ সময়ত লিংগ অনুপাত (sex ratio at birth, SRB) 918 (2014-15)ৰ পৰা 930 লৈ (2023-24, অস্থায়ী) উন্নীত হৈছে আৰু মাতৃৰ মৃত্যুৰ হাৰ 2014-16 বৰ্ষত 130/লাখ জীৱিত জন্মৰ পৰা 2018-20 বৰ্ষত 97/লাখ জীৱিত জন্মলৈ হ্ৰাস পাইছে । অৰ্থনৈতিক সমীক্ষাটোত কোৱা হৈছে যে সুকন্যা সমৃদ্ধি যোজনাৰ সৈতে 'বেটী বচাও, বেটী পঢ়াও'ৰ জৰিয়তে কন্যা সন্তানক লালন-পালন, শিক্ষিত কৰা আৰু সঞ্চয় কৰাৰ দিশত সামূহিক চেতনাক সংবেদনশীল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

সমীক্ষাটোত উল্লেখ কৰা হৈছে যে বিগত দশকত ভাৰতৰ সৰ্ববৃহৎ চৰ্তসাপেক্ষ নগদ ধন প্ৰদান কাৰ্যসূচী জননী শিশু সুৰক্ষা কাৰ্যক্ৰমৰ জৰিয়তে হাস্পতালত প্ৰসৱ কৰোৱাৰ বাবে উৎসাহিত কৰাৰ কাৰ্যসূচীৰ বাবে ২০১৫-১৬ বৰ্ষত প্ৰতিষ্ঠানগত প্ৰসৱৰ প্ৰচলন ৭৮.৯ শতাংশৰ পৰা ২০১৯-২১ বৰ্ষত ৮৮.৬ শতাংশলৈ বৃদ্ধি পাইছে । এই কাৰ্যসূচীবোৰে ৰাজহুৱা-স্বাস্থ্য সেৱাৰ ব্যৱহাৰ আৰু জন্মৰ মাজৰ ব্যৱধান বৃদ্ধি কৰাৰ এক ইতিবাচক পাৰ্শ্বক্ৰিয়া লাভ কৰিছে ।

উল্লেখনীয় যে নাৰী সবলীকৰণৰ বাবে চৰকাৰী পদক্ষেপবোৰে নাৰীৰ পৰিস্থিতি উন্নত কৰাৰ লগতে তেওঁলোকৰ বিকাশত বাধা দিয়া লিংগ-নিৰ্দিষ্ট অসুবিধাৰ মোকাবিলা কৰি তেওঁলোকক সক্ষম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

লিংগ-নিৰ্দিষ্ট অসুবিধাৰ মোকাবিলা কৰা, 'স্বচ্ছ ভাৰত মিছন'ৰ অধীনত শৌচালয় নিৰ্মাণ, 'উজ্জ্বলা যোজনা'ৰ অধীনত পৰিষ্কাৰ ৰন্ধন গেছ সংযোগৰ ব্যৱস্থা আৰু 'জল জীৱন মিছন'ৰ অধীনত নলৰ জৰিয়তে খোৱাপানীৰ সংযোগৰ ব্যৱস্থাই কষ্ট আৰু যত্নৰ বোজা হ্ৰাস কৰি মহিলাসকলৰ জীৱন সলনি কৰা বুলি চিনাক্ত কৰা হৈছে । এই পদক্ষেপবোৰে সুৰক্ষা আৰু মৰ্যাদাৰ উদ্বেগবোৰ সমাধান কৰাৰ উপৰি ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন (National Rural Livelihood Mission, NRLM)ৰ জৰিয়তে উৎপাদনশীল কামৰ বাবে মহিলাৰ বৃহৎ মাত্ৰাত অংশগ্ৰহণৰ দৰে সময় আৰু শক্তি মুক্ত কৰিছে ।

লগতে পঢ়ক :2023-24 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাত স্থিৰ ভাৰতীয় অৰ্থনীতিত গুৰুত্ব সীতাৰমণৰ - Union Budget 2024 25

নাৰীৰ স্বাস্থ্যই সামাজিক স্বাস্থ্যৰ ভেটি গঠন কৰে বুলি অন্তৰ্নিহিত নীতিৰ সৈতে মিছন সক্ষম অংগনৱাড়ী আৰু পোষণ 2.0 কাৰ্যসূচীৰ দৰে পদক্ষেপবোৰে তেওঁলোকক সক্ষম কৰা হিচাপে তালিকাভুক্ত কৰা হৈছে । কাৰ্যসূচীবোৰে কেৱল কেলৰিভিত্তিক পৰ্যাপ্ততাৰ পৰা মাইক্ৰ'নিউট্ৰিয়েণ্ট পৰ্যাপ্ততাৰ জৰিয়তে উন্নত স্বাস্থ্য, সুস্থতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতালৈ গুৰুত্ব আৰোপ কৰিছে ।

নাৰী শিক্ষা হৈছে এক মুখ্য সক্ষমকৰ্তা আৰু ই নাৰী সবলীকৰণৰ কেন্দ্ৰস্থলত আছে বুলি অৰ্থনৈতিক সমীক্ষাত জোৰ দিয়া হৈছে ।

"সৰ্বশিক্ষা অভিযান আৰু শিক্ষাৰ অধিকাৰ ৰূপায়ণৰ সৈতে বিদ্যালয়সমূহত নামভৰ্তিৰ ক্ষেত্ৰত সকলো স্তৰত লিংগ সমতা অৰ্জন কৰা হৈছে । উচ্চ শিক্ষাৰ ক্ষেত্ৰত মহিলা জি ই আৰ (GER) একেৰাহে পাঁচ বছৰ ধৰি পুৰুষ জি ই আৰতকৈ অধিক ।" সমীক্ষাটোত উল্লেখ কৰা হৈছে ।

দক্ষতা আঁচনিসমূহে মহিলাসকলক সামৰি লোৱাৰ ওপৰত এক সমৰ্পিত গুৰুত্ব আৰোপ কৰিছে বুলি স্বীকাৰ কৰি সমীক্ষাটোৱে লক্ষ্য কৰিছে যে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ (Pradhan Mantri Kaushal Vikas Yojana, PMKVY) অধীনত ২০২৪ বিত্তীয় বৰ্ষত প্ৰশিক্ষিতসকলৰ মাজত মহিলাৰ অংশগ্ৰহণ 42.7 শতাংশৰ পৰা 52.3 শতাংশলৈ বৃদ্ধি পাইছে ।

অৰ্থনৈতিক জৰীপ অনুসৰি, জন শিক্ষা সংস্থান (Jan Shikshan Sansthan, JSS) আঁচনিৰ অধীনত মুঠ হিতাধিকাৰীৰ প্ৰায় 82 শতাংশ মহিলা । দীৰ্ঘম্যাদী পৰিস্থিতিতন্ত্ৰত অৰ্থাৎ আই টি আই (ITI) আৰু ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানত (National Skill Training Institutes, NSTIs) নাৰীৰ অংশগ্ৰহণ ২০১৬ বিত্তীয় বৰ্ষত 9.8 শতাংশৰ পৰা ২০২৩ বিত্তীয় বৰ্ষত 13.3 শতাংশলৈ বৃদ্ধি হৈছে । ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰচাৰ আঁচনিৰ (National Apprenticeship Promotion Scheme, NAPS) অধীনত মহিলাসকলৰ অংশগ্ৰহণ ২০১৭ বিত্তীয় বৰ্ষত 7.7 শতাংশৰ পৰা ২০২৪ বিত্তীয় বৰ্ষত 20.8 শতাংশলৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক :শক্তিশালী স্থিতিত আছে ভাৰতীয় অৰ্থনীতি: অৰ্থনৈতিক জৰীপ 2023-24 - Monsoon Session of Parliament 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.