ETV Bharat / bharat

কলম্বো কাৰাগাৰৰ পৰা মুকলি ২১ ভাৰতীয় মাছমৰীয়া : চেন্নাই বিমানবন্দৰত উপস্থিত - Indian Fishermen Imprison Case

author img

By ANI

Published : Aug 3, 2024, 10:56 AM IST

Indian Fishermen Imprison Case : বৃহস্পতিবাৰে শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগ আৰু জাফনাৰ কনছুলেট জেনেৰেলে শ্ৰীলংকা চৰকাৰৰ সহযোগত শ্ৰীলংকাত বন্দী হৈ থকা ২০ জন মাছমৰীয়াক মুকলি কৰে । তেওঁলোকে শনিবাৰে পুৱা চেন্নাই বিমানবন্দৰত উপস্থিত হয় ।

Indian Fishermen Imprison Case
মুকলি কৰি দিয়া মাছমৰীয়াকেইজন (ETV Bharat)

নিউজ ডেস্ক, ৩ আগষ্ট : কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ দ্বাৰা মুকলি কৰা ২১ জন ভাৰতীয় মাছমৰীয়া শনিবাৰে পুৱা চেন্নাই বিমানবন্দৰত উপস্থিত হয় । "ঘৰলৈ উভতিছো ! ২১ ভাৰতীয় মাছমৰীয়াক সফলতাৰে প্ৰত্যাৱৰ্তন কৰা হৈছে আৰু কলম্বোৰ পৰা চেন্নাইলৈ গৈ আছে ।" শ্ৰীলংকাৰ কলম্বোত থকা ভাৰতীয় উচ্চ আয়োগৰ অফিচিয়েল এক্স হেণ্ডেলৰ পোষ্টত এনেদৰে কোৱা হৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগ আৰু জাফনাৰ কনছুলেট জেনেৰেলে শ্ৰীলংকাত বন্দী হৈ থকা ২০ জন মাছমৰীয়াক মুকলি কৰে ।

"শ্ৰীলংকা চৰকাৰ কৰ্তৃপক্ষৰ সহযোগত শ্ৰীলংকাত থকা ভাৰতৰ উচ্চ আয়োগ আৰু জাফনাৰ কনছুলেট জেনেৰেলে ২০ জন ভাৰতীয় মাছমৰীয়াক মুক্তি প্ৰদান কৰে । উপ উচ্চায়ুক্ত ড৹ সত্যঞ্জল আৰু অন্যান্য বিষয়াসকলে আজি মাছমৰীয়াসকলক সাক্ষাৎ কৰি তেওঁলোকৰ খবৰ লয় আৰু এদিনৰ ভিতৰত তেওঁলোকক প্ৰত্যাৱৰ্তনৰ আশ্বাস দিয়ে ।" ভাৰতীয় উচ্চ আয়োগে শুকুৰবাৰে এক পোষ্টত কয় ।

আনহাতে, শ্ৰীলংকান নৌ-জাহাজৰ সৈতে সংঘৰ্ষৰ ফলত ডুব যোৱা ভাৰতীয় নাওখনত থকা চাৰিজনৰ ভিতৰত দুজন মাছমৰীয়াক জাফনাৰ ভাৰতীয় কনছুলেট জেনেৰেলৰ বিষয়াসকলে কায়টছ আৰক্ষী থানাত সাক্ষাৎ কৰে । ভাৰতীয় কনছুল জেনেৰেল সাই মূৰলীয়ে মাছমৰীয়া মুথুমুনিয়াণ্ডু আৰু মুকায়াৰ স্বাস্থ্যৰ বুজ লয় ।

লগতে তেওঁলোকক সম্ভৱপৰ সকলো প্ৰকাৰৰ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে । আনহাতে, কনছুলেটৰ বিষয়াসকলে তেওঁলোক ভালে থকাটো নিশ্চিত কৰিবলৈ ভাৰতত থকা তেওঁলোকৰ পৰিয়াললৈ ফোন কৰাৰো সুবিধা কৰি দিয়ে ।

উল্লেখ্য যে এই ঘটনাটো বৃহস্পতিবাৰে কাচ্চাথিভু দ্বীপৰ পৰা ৫ নটিকেল মাইল উত্তৰে শ্ৰীলংকান নৌ-জাহাজ আৰু এখন ভাৰতীয় মাছমৰীয়া নাৱৰ মাজত সংঘটিত হয় । জাহাজখনত থকা চাৰিজন ভাৰতীয় মাছমৰীয়াৰ ভিতৰত এজনৰ মৃত্যু হয় আৰু আন এজন সন্ধানহীন হৈ আছে । আনহাতে, দুজন মাছমৰীয়াক উদ্ধাৰ কৰি কংকেশনথুৰাই তীৰলৈ নিয়া হয় ।

ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে নতুন দিল্লীত থকা শ্ৰীলংকাৰ কাৰ্যকৰী উচ্চায়ুক্তক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু এজন ভাৰতীয় মাছমৰীয়াৰ মৃত্যু সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে, সন্ধানহীন ভাৰতীয় মাছমৰীয়াজনৰ অনুসন্ধান অভিযান চলি আছে । জাফনাত থকা ভাৰতীয় কনছুলেটৰ বিষয়াসকলক ততাতৈয়াকৈ কাঞ্চান্থুৰাইলৈ যাবলৈ আৰু মাছমৰীয়া আৰু তেওঁলোকৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈও নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক :অযোধ্যাৰ সৰযু নদীত ২ নাৱৰ সংঘৰ্ষ : এগৰাকী বেংক মেনেজাৰ সন্ধানহীন - Ayodhya Saryu river boat accident
লগতে পঢ়ক :ৱায়ানাড়ৰ ঘটনাত ব্যথিত মাৰ্কিন ৰাষ্ট্ৰপতি : পত্নীৰ সৈতে সমবেদনা জ্ঞাপন জো বাইডেনৰ - Wayanad landslides

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.