ETV Bharat / bharat

উত্তপ্ত মণিপুৰ; মণিপুৰৰ ভূমিত পুনৰ শ্বহীদ হ’ল অসমৰ জোৱান - CRPF personnel killed in Manipur

author img

By ANI

Published : Apr 27, 2024, 8:59 AM IST

Updated : Apr 27, 2024, 12:53 PM IST

CRPF personnel killed in Manipur: পুনৰ মণিপুৰৰ ভূমিত প্ৰাণ হেৰুৱালে অসমৰ জোৱানে ৷ জোৱানজন উপ পৰিদৰ্শক নাছিৰ উদ্দিন সৰকাৰ ৷ কুকি উগ্ৰপন্থীৰ আক্ৰমণত অসমৰ জোৱানজনৰ লগত শ্বহীদ হয় আন এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান ৷ শুকুৰবাৰৰ মাজনিশা মণিপুৰৰ নৰসেনা অঞ্চলত সংঘটিত হয় এই ঘটনাটো ৷

CRPF personnel killed in Manipur
CRPF personnel killed in Manipur

তেজপুৰ/বৰপেটা, 27 এপ্ৰিল: মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ'ল অসমৰ এজন জোৱান ৷ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাচতেই পুনৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয় মণিপুৰত ৷ ৰাজ্যখনৰ নৰসেনা অঞ্চলত কুকি উগ্ৰপন্থীৰ আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দুজন জোৱান নিহত হয় ৷ মণিপুৰ আৰক্ষীয়ে শনিবাৰে এই বিষয়ে অৱগত কৰে ।

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে পুৱতি নিশা 1.15 বজাত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰসেনাস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা চকীত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে ৷ গুলীচালনাৰ পিচত চি আৰ পি এফ বাহিনীৰ কেম্পত গ্ৰেণেড নিক্ষেপ কৰে বুলি এক বিশেষ সূত্ৰত জানিব পৰা গৈছে । এই আক্ৰমণ গভীৰ নিশা অৰ্থাৎ 2:15 বজালৈকে চলে আৰু জোৱান দুজন শ্বহীদ হয় ।

নিহত জোৱান দুজন উপ পৰিদৰ্শক নাছিৰ উদ্দিন সৰকাৰ আৰু হেড কনিষ্টবল অৰূপ ছাইনী বুলি জানিব পৰা গৈছে । ইয়াৰে উপ-পৰিদৰ্শক নাছিৰ উদ্দিন সৰকাৰ আছিল বৰপেটাৰ ভেল্লাৰ বনবৰীয়া গাঁৱৰ ৷ চিআৰপিএফত কৰ্মৰত জোৱানগৰাকীয়ে নিৰ্বাচনী দায়িত্ব সামৰাৰ অন্তত উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হ’বলগীয়া হয় ৷ আই আৰ বি এন শিবিৰত নিৰাপত্তা প্ৰদানৰ বাবে নিয়োগ কৰা হৈছিল চি আৰ পি এফ জোৱান দুজনক ।

ইফালে, মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝাই শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আউটাৰ মণিপুৰত অধিক ভোটদান আৰু নূন্যতম হিংসাত্মক ঘটনা সন্দৰ্ভত আলোকপাত কৰে ।

মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়, "প্ৰায় এঘণ্টা আগতে আমি পোৱা শেষৰটো প্ৰতিবেদনলৈকে ভোটদানৰ শতকৰা হাৰ 75 শতাংশৰ ভিতৰত আছিল আৰু কোনো ডাঙৰ ঘটনাৰ খবৰ পোৱা নাছিলো । দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ সময়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বৃহৎ সংখ্যক লোক ওলাই আহিছিল । ই ভি এমৰ বিজুতি এটা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হোৱাৰ বিপৰীতে কোনো বৃহৎ ঘটনাৰ খবৰ পোৱা নগ’ল । সকলো জিলাৰ সৈতে যোগাযোগ কৰি আছো আৰু তেওঁলোকেও ভোটদান শান্তিপূৰ্ণভাবে হৈছে বুলি জনাইছে ৷ "

ঝাই পুনৰ কয়, "2019 চনৰ নিৰ্বাচনৰ তুলনাত আউটাৰ মণিপুৰত ভোটদান তুলনামূলকভাৱে অধিক শান্তিপূৰ্ণ হৈ পৰিছে । বিপুল সংখ্যক ভোটাৰ ওলায় আহিছে । বিগত নিৰ্বাচনৰ তুলনাত আউটাৰ মণিপুৰৰ নিৰ্বাচন অতি শান্তিপূৰ্ণ হৈছে ৷ ঘটনাৰ ক্ষেত্ৰত কোনো ডাঙৰ ঘটনা ঘটা নাই আৰু ভোটদান অতি উৎসাহজনক হৈছে ।"

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোটগ্ৰহণৰ হাৰ 78.78 শতাংশ ৷ ইয়াৰ পূৰ্বে 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত একাধিক হিংসাত্মক কাণ্ড সংঘটিত হোৱাৰ পিছত 22 এপ্ৰিলত মণিপুৰৰ ভিতৰৰ সমষ্টিবোৰৰ 11 টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । 13 খন ৰাজ্যৰ 88 খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ সামৰণি পৰে সন্ধিয়া 6 বজাত ।

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত মণিপুৰত বোমা বিস্ফোৰণ - Lok sabha Election in manipur

Last Updated : Apr 27, 2024, 12:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.