ETV Bharat / bharat

মাক-দেউতাকৰ ওপৰত হোৱা আক্ৰমণৰ সাক্ষী হৈ মৃত্যু ১৪ বছৰীয়া কিশোৰীৰ - Girl dies of Shock

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:52 PM IST

Daughter dies after attack on parents : পিতৃ-মাতৃৰ ওপৰত হোৱা আক্ৰমণৰ সাক্ষী হৈ প্ৰাণ হেৰুৱালে এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে ৷ মাক-দেউতাকক নিৰ্মমভাৱে কৰা আক্ৰমণ সহ্য কৰিব নোৱাৰি মূৰ্ছা যোৱাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় কিশোৰীগৰাকীৰ ৷

Daughter dies after attack on parents
প্ৰতিনিধিত্বমূলক ছবি (Etv Bharat/ File)

নিউজ ডেস্ক, ১৭ আগষ্ট : পিতৃ-মাতৃৰ ওপৰত হোৱা আক্ৰমণ সহ্য কৰিব নোৱাৰি বাবে প্ৰাণ হেৰুৱালে এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে ৷ চুবুৰীয়াই মাক-দেউতাকৰ ওপৰত উপৰ্যুপৰি কৰা আক্ৰমণ প্ৰত্যক্ষ কৰাৰ পিছতে ভীতিগ্ৰস্ত হৈ কিশোৰীগৰাকীয়ে মৃত্যুক আকোৱালি লয় ৷

বৃহস্পতিবাৰে নিশা তেলেংগানাৰ সূৰ্যপেট জিলাৰ নাগাৰাম মণ্ডলৰ ডি কোট্টাপল্লী গাঁৱত এই শোকাৱহ ঘটনা সংঘটিত হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ডি. কোট্টাপল্লিৰ পাৱনীৰ পিতৃ কাছাম সোমায়াৰ চুবুৰীয়া কাদাৰী ছাইদুলুৰ মাজত দীৰ্ঘদিন ধৰি সংঘাতৰ সৃষ্টি হৈ আহিছিল ৷ গাঁও পঞ্চায়তৰ জৰিয়তে পূৰ্বতে মীমাংসা কৰাৰ চেষ্টা কৰা হৈছিল যদিও সেই সংঘাত শাম নাকাটিল ৷ কৃষিকৰ্ম এৰি সূৰ্যপেটত মেকানিক হিচাপে থিতাপি ল’বলৈ যোৱা সোমিয়াই ছমাহ পূৰ্বে কন্যা পাৱানী অসুস্থ হোৱাৰ পিছত নিজ গাঁৱলৈ উভতি আহিছিল ।

বৃহস্পতিবাৰে নিশা ছাইদুলুৱে আন দুই সহযোগী কদাৰী সোমায়ীয়া আৰু কাছাম কলিংগামক লগতে লৈ ধুমুহাৰ গতিৰে সোমায়াৰ ঘৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে সোমায়া আৰু তেওঁৰ পত্নীক ৰড আৰু লাঠিৰে আক্ৰমণ কৰে । এই ঘটনাত গুৰুতৰভাৱে আহত হয় দম্পতীটো ৷ মাক-দেউতাকক চকুৰ সন্মুখতে ভয়ংকৰভাৱে আক্ৰমণ কৰা দেখি কন্যা পাৱনী ভয়ত সংজ্ঞাহীন হৈ পৰে ৷ লগে লগে কিশোৰীগৰাকী মজিয়াত ঢলি পৰে আৰু ঘটনাস্থলীতে মৃত্যু হয় ৷ ইয়াৰ পিছতে আক্ৰমণকাৰী পলাই যায় ৷

কিশোৰীগৰাকীৰ এই কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷ ইফালে ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ ইয়াৰ পিছতে পাৱানীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ আনহাতে সোমিয়া আৰু তেওঁৰ পত্নীকো চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : বজালীত দুৰ্বৃত্তৰ আক্ৰমণত নিহতৰ গৃহত কংগ্ৰেছৰ সঁজাতি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.