অসম

assam

বিহালীত ৰঞ্জিত দত্তৰ দ্বিতীয়টো পদযাত্ৰা

By

Published : Mar 14, 2021, 11:09 AM IST

ৰাজ্যৰ আন আন সমষ্টিসমূহৰ লগতে ৭৭ নং বিধানসভা সমষ্টিটো বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তই চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ শুকুৰবাৰে সন্ধিয়া বাঘমৰী ছেন্টাৰৰ পৰা বালিপুখুৰী হৈ প্ৰায় ৭ কিলোমিটাৰ পথ পদযাত্ৰাৰে প্ৰায় ৭ হাজাৰৰো অধিক দলীয় কৰ্মীক লগত লৈ বাঘমৰা চাহ বাগিছা খেল পথাৰত উপস্থিত হয় বিজেপি দলৰ মনোনীত প্ৰাৰ্থী গৰাকী।ইফালে পদযাত্ৰাৰ সময়ত সাংবাদিকৰ সৈতে হোৱা এক প্ৰশ্নৰ উত্তৰত কয়, পুনৰ অসমত বিজেপি চৰকাৰ হ'ব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অধিকাংশ আসনত বিজেপি দলে লাভ কৰিব ৷ বিহালীৰ ৰাইজে এইবাৰ মোক পূৰ্বতকৈ অধিক ভোটত জয় কৰাব । একেদৰে চলিত মাহৰ ১৫ তাৰিখে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিহালীত এক বাইক ৰেলীত অংশগ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে দত্তই ।

ABOUT THE AUTHOR

...view details