অসম

assam

Illegal liquor seized in Moirabari: অবৈধ সুৰাৰ সৈতে গ্ৰেপ্তাৰ এজন সুৰা ব্যৱসায়ী

By

Published : Aug 8, 2022, 10:12 AM IST

Updated : Feb 3, 2023, 8:26 PM IST

মদ, জুৱা, ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্য তথা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা মৈৰাবাৰী আৰক্ষীয়ে পুনৰ পশ্চিম মৈৰাবাৰীৰ পৰা বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় (Illegal liquor seized) ৷ লগতে অবৈধভাৱে সুৰাৰ বেপাৰৰ লগত জড়িত মজিবুৰ ৰহমান নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Illegal liquor dealer arrested in Moirabari ) । উল্লেখ্য যে দীৰ্ঘদিন ধৰি মুজিবুৰ ৰহমানে আৰক্ষীৰ চকুত ধূলি দি বিলাতী সূৰাৰ এখন ৰমৰমীয়া বেহা চলাই আহিছিল । দেওবাৰে নিশা গোপন সূত্ৰত তথ্যৰ ভিত্তিত আৰক্ষীয়ে মুজিবৰ ৰহমানৰ ঘৰত এক অভিযান চলায় আৰু অভিযানত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে মুজিবুৰক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ইতিমধ্যে মুজিবুৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও ধৃত মজিবুৰ ৰহমান সুৰাৰ অবৈধ বেপাৰৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details