অসম

assam

আমাৰ নেতা : আজিৰ সমষ্টি বঢ়মপুৰ ! প্ৰতিবেদন-2

By

Published : Sep 17, 2019, 7:38 AM IST

Updated : Sep 17, 2019, 10:28 AM IST

1987 চনত নগাঁৱৰ কামপুৰত স্থাপন হৈছিল অসমৰ প্ৰথমটো সমবায় চেনীকল ৷ প্ৰথমাৱস্থাত পূৰ্ণোদ্যমে চেনী উৎপাদন কৰা এই উদ্যোগটো কিন্তু ধৰি ৰাখিব নোৱাৰিলে চৰকাৰে ৷ 1998 চনৰ পৰাই ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰা চেনীকলটো অৱস্থা বৰ্তমান তথৈবচ ৷ চেনীকলটো হঠাৎ বন্ধ হৈ পৰাত তাত কৰ্মৰত কৰ্মচাৰী সকল দিশহাৰা হৈ পৰে  ৷

আমাৰ নেতা : আজিৰ সমষ্টি বঢ়মপুৰ !

নগাঁও, চেপ্তেম্বৰ 17 : প্ৰফুল্ল মহন্তৰ সময়তেই 1987 চনত নগাঁৱৰ কামপুৰত স্থাপন হৈছিল অসমৰ প্ৰথমটো সমবায় চেনীকল ৷ প্ৰথমাৱস্থাত পূৰ্ণোদ্যমে চেনী উৎপাদন কৰা এই উদ্যোগটো কিন্তু ধৰি ৰাখিব নোৱাৰিলে চৰকাৰে ৷ 1998 চনৰ পৰাই ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰা চেনীকলটোৰ অৱস্থা বৰ্তমান তথৈবচ ৷ চেনীকলটো হঠাৎ বন্ধ হৈ পৰাত তাত কৰ্মৰত কৰ্মচাৰীসকল দিশহাৰা হৈ পৰে ৷ কিন্তু এই কৰ্মচাৰীসকলৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰ তথা স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই ৷ প্ৰফুল্ল মহন্তৰ কাৰ্যকালত চেনীকলটোৰ কৰ্মচাৰীসকল প্ৰায়েই উগ্ৰপন্থীৰ ভাবুকিৰ সন্মুখীন হ'ব লগাত পৰিছিল ৷ যাৰ ফলত ক্ৰমান্বয়ে কুঁহিয়াৰৰ যোগান বন্ধ হৈ পৰাত অচল হৈ পৰে চেনীকলটো ৷ আনহাতে চেনীকল বন্ধ হোৱাৰ পাচতো নিজৰ প্ৰাপ্য বিচাৰি আজিও আদালতলৈ তাঁত-বাটি কাঢ়িব লগীয়া হৈছে একাংশ কৰ্মচাৰীয়ে ৷ কিন্তু এই সন্দৰ্ভত যেন কোনো ভ্ৰূক্ষেপ নাই বিধায়ক মহন্তৰ ৷

আমাৰ নেতা : আজিৰ সমষ্টি বঢ়মপুৰ !
প্ৰফুল্ল মহন্তই স্থাপন কৰা বঢ়মপুৰ দুই নং আদৰ্শ গাঁৱৰ অৱস্থাও অকল্পনীয় ৷ আদৰ্শ গাঁও হিচাপে থাকিব লগীয়া বহু সুবিধাই নাই গাঁওখনত ৷ ৰাস্তা-ঘাটৰ পৰা খোৱা পানীলৈকে সকলো ব্যৱস্থাই উন্নত নহয় মহন্তৰ আদৰ্শ গাঁৱত ৷ ত্ৰিশ বছৰত প্ৰফুল্ল মহন্তৰ কৰ্মসূচীত বঢ়মপুৰ সমষ্টিত উন্নয়নতকৈ অধিক দুৰৱস্থাহে পৰিলক্ষিত হয় ৷ কিন্তু তাৰ পাচতো প্ৰফুল্ল মহন্ত এই সমষ্টিত জয়ী হৈ থকাতো আশ্চৰ্যজনক ৷ যুৱপ্ৰজন্মই প্ৰফুল্ল মহন্ত এক প্ৰকাৰ ব্যৰ্থ বুলি কোৱাৰ বিপৰীতে দেখা গৈছে যে এতিয়াও প্ৰায় 70 শতাংশ লোকে সমষ্টিটোত সমৰ্থন কৰি আহিছে বিধায়কগৰাকীক ৷ আনহাতে, বিৰোধী দল কংগ্ৰেছে দুবাৰকৈ বঢ়মপুৰত সুৰেশ বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে যদিও আঘাত হানিব পৰা নাই মহন্তৰ দূৰ্গত ৷
Last Updated : Sep 17, 2019, 10:28 AM IST

ABOUT THE AUTHOR

...view details