ETV Bharat / state

তীব্ৰগতিত বজালী হত্যাকাণ্ডৰ তদন্ত : ৬ মূল অভিযুক্তক গ্ৰেপ্তাৰ - Murder in Bajali

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:45 PM IST

Ibrahim Ali murder case: এতিয়াও মাৰ যোৱা নাই বজালীৰ ইব্ৰাহিম আলী হত্যাকাণ্ডৰ চাঞ্চল্য । তীব্ৰ গতিত চলিছে আৰক্ষীৰ তদন্ত । আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে পুৱতি নিশা গুৱাহাটীৰ এখন ল'জৰ পৰা গ্ৰেপ্তাৰ কৰে ৬ অভিযুক্তক ।

Police arrest six accused of Ibrahim Ali murder case in Bajali
তীব্ৰ গতিত বজালী হত্যাকাণ্ডৰ তদন্ত (ETV Bharat Assam)

গুৱাহাটী,৩ জুলাই: বজালীৰ ধুমাৰকুৰত সংঘটিত ইব্ৰাহিম আলী হত্যাকাণ্ড গোচৰত বৰ্তমানলৈকে ৬ মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ । ঘটনা সন্দৰ্ভত বজালী জিলা আৰক্ষী অধীক্ষকে বুধবাৰে আয়োজন কৰে এখন সংবাদমেলৰ । গুৱাহাটীৰ এখন লজৰ পৰা মঙলবাৰে পুৱতি নিশা ৬ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । হত্যাকাণ্ডৰে জড়িত অন্যতম অভিযুক্ত ছাইদুল ইছলামক আৰক্ষীয়ে বজালী ন্যায়িক আদালতত হাজিৰ কৰি আৰক্ষীয়ে জিম্মালৈ আনিছে বুলি তেওঁ সংবাদমেলত সদৰী কৰে ।

ইতিমধ্যে অভিযুক্ত কেইটাক গুৱাহাটীৰ আছিয়ানা ল'জৰ পৰা গ্ৰেপ্তাৰ কৰি বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয় লৈ অনা হয় । বজালী জিলা আৰক্ষী অধীক্ষক অজাগৰন বসুমতাৰী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত চলা অভিযানত বজালী জিলা আৰক্ষীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইটা ক্ৰমে মনোহৰ আলী ওৰফে মনু, য়াকুব আলী, ছাইদুল ইছলাম, জয়নাল আবেদিন, মহম্মদ ছাহেৰ আলী ৷ ঘটনা সন্দৰ্ভত পাটাছাৰকুছি থানাত 138 /24 u /S 103(1)/ 109/118 ( 2) / 190/ 329 ( 4) BNS RW sanction - 25( 1) ( A) / 27 /35 / arms act ৰ অধীনত ৰুজু কৰা হয় এটা গোচৰ ।

সোমবাৰে বজালীৰ ধুমাৰকুৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড । ইব্ৰাহিম আলী নামৰ যুবকজনক চোকা অস্ত্ৰৰে হানি আক্ৰমণ কৰে দুজন অচিনাক্ত লোকে । এই ঘটনাত যুৱকজনৰ মাতৃ শ্বাহেৰা খাটুনো গুৰুতৰভাৱে আহত হয় । পিছত যুৱকজনক পাঠশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও যুৱকজনৰ মৃত্যু হয় । ব্যৱসায়ী ইব্ৰাহিম আলীয়ে নিজৰ গৃহৰ পৰা ১০০ মিটাৰ দূৰত্বত থকা গুদামঘৰৰ পৰা আহি থাকা অৱস্থাতে সংঘটিত হৈছিল উক্ত ঘটনাটো ।

উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱা নিশা প্ৰায় ৮.৩০ মান বজাত মুঠ ৬ হত্যাকাৰী প্ৰৱেশ কৰিছিল ইব্ৰাহিম আলীৰ ঘৰত । ঘৰৰ বাৰাণ্ডাতে চোকা অস্ত্ৰৰে প্ৰথমতে ডিঙিত ঘাপ মাৰিছিল ইব্ৰাহিমক । তাৰ পিচত আগ্নেয়াস্ত্ৰৰে পেটত গুলীয়াইছিল ইব্ৰাহিমক । ইব্ৰাহিমৰ মাতৃয়ে এটা হত্যাকাৰীক চিনি পাই আটক কৰিব খোজতে মাতৃকো হত্যাকাৰী কেইটাই আহত কৰি নিবিঘ্নে আঁতৰি গৈছিল । সমগ্ৰ ঘটনা ইতিমধ্যে বন্দী হৈছিল ইব্ৰাহিম আলীৰ ঘৰৰ চৌদিশে থকা CCTV কেমেৰাত । CCTV ৰ ফুটেজৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া ।

লগতে পঢ়ক : গ্ৰেপ্তাৰৰ ছঘণ্টাৰ পিচতে জামিন শিক্ষয়ত্ৰী প্ৰিয়ংকা তামুলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.