ETV Bharat / state

তেজপুৰৰ কলিবাৰীত বান পৰিস্থিতি পৰিদৰ্শন ভূপেন বৰাৰ, ক্ষতিগ্ৰস্তক ৰাজসাহাৰ্য দিয়াৰ দাবী - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:50 PM IST

Bhupen Borah : তেজপুৰ কলিবাৰীত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা মোলান দাস নামৰ যুৱকজনৰ বাসগৃহত বুধবাৰে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷

FLOOD SITUATION IN TEZPUR
তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV BHARAT ASSAM)

তেজপুৰ, 3 জুলাই : তেজপুৰ কলিবাৰীত মঙলবাৰে ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা মোলান দাস নামৰ যুৱকজনৰ বাসগৃহত বুধবাৰে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ সন্ধানহীন যুৱকজনৰ বাসগৃহত উপস্থিত হৈ ভূপেন বৰাই পৰিয়ালক সান্তনা দিয়ে আৰু ঘটনাৰ বুজ লয় ৷ ভূপেন বৰাই কয় যে, বানত মুঠ 38 জন লোকৰ মৃত্যু হোৱা অসমেই হৈছে দেশৰ ভিতৰত একমাত্ৰ ৰাজ্য ৷ গৰাখহনীয়াত নিহতৰ সংখ্যা ধৰিলে এই পৰিসংখ্যা 50 লৈ বৃদ্ধি পাব বুলি উল্লেখ কৰি বৰাই কয় যে তৎসত্বেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ফোন কৰাৰ বাহিৰে বিশেষ একো কৰা নাই ৷

তেজপুৰত বান পৰিস্থিতি পৰিদৰ্শন ভূপেন বৰাৰ (ETV BHARAT ASSAM)

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈ থকাৰ দৰে বানাক্ৰান্তক উদ্ধাৰ অভিযান চলা নাই বুলি সমালোচনা কৰি ভূপেন বৰাই কয় যে তেওঁ ৰঙিয়া, নাৰায়ণপুৰ, বজালীকে ধৰি যিবোৰ বানাক্ৰান্ত অঞ্চললৈ গৈছে তাত এন ডি আৰ এফ বা এছ ডি আৰ এফৰ উদ্ধাৰকাৰীৰ সংখ্যা যথেষ্ট কম ৷ তেওঁ অভিযোগ কৰে যে, মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলেও তলৰ পৰ্যায়ত সেয়া সুকলমে হোৱা নাই ৷ তেওঁ ৰঙানদীৰ বানত আক্ৰান্ত পুৰণা দিক্ৰং ঘাটৰ চাৰিশ পৰিয়ালক উদ্ধাৰ কৰিবলৈ মাত্ৰ এখন নাও লৈহে এছ ডি আৰ এফৰ দল উপস্থিত হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে,পশুখাদ্যৰ পৰা বিশুদ্ধ খোৱাপানী, শিশু খাদ্য, কঠীয়া আদিৰ বিতৰণো সঠিকভাবে হোৱা নাই আৰু বিভিন্ন বিভাগৰ কাম এই বানাক্ৰান্ত অঞ্চল সমূহত সন্তোষজনক নহয় ৷

লগতে পঢ়ক : শোণিতপুৰত বানত প্ৰাণ গ’ল তিনিজনৰ : বনৰীয়া ম’হৰ আক্ৰমণত চিকিৎসাধীন আন তিনিজন - Assam Flood 2024

প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে, মুখ্যমন্ত্ৰীয়ে বানৰ স’তে মোকাবিলা কৰিবলৈ সাজু বুলি ক’লেও বাস্তৱত সেয়া হোৱা নাই ৷ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বানত নষ্ট হোৱা কঠীয়া কৃষকক দিয়াৰ বাবে কৃষি বিভাগে নিজাববীয়াকৈ কঠীয়া সাজু ৰখাৰ বিষয়ে উল্লেখ কৰি তেওঁ এইবাৰ বানত বহু কঠীয়া নষ্ট হৈছে আৰু এই কঠীয়া কৃষকক দিব পৰাকৈ চৰকাৰৰ কৃষি বিভাগ সাজু হৈছেনে বুলি প্ৰশ্ন কৰে ৷ আনহাতে, হিন্দু-মুছলিমৰ ৰাজনীতিতে চৰকাৰ ব্যস্ত থকাৰ অভিযোগ তুলি বৰাই মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে, মুখ্যমন্ত্ৰীয়ে নিজে চৰকাৰ-প্ৰশাসন দুৰ্যোগপূৰ্ণ পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ থকা বুলি কোৱাৰ পিচতো কিয় 24 ঘন্টা উকলি যোৱা স্বত্বেও বাঢ়নী পানীত উটি যোৱা এজন যুৱকক উদ্ধাৰ কৰিব পৰা নাই ৷ চৰকাৰে ভিতৰি শংকিত হৈ কেৱল হিন্দু-মুছলমানৰ কথা কৈয়েই সময়বোৰ অতিবাহিত কৰিবলৈ বিচৰা বুলিও তেওঁ মন্তব্য কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে এই পৰ্যন্ত বানত প্ৰাণ হেৰুওৱা ৰাজ্যৰ 38 গৰাকী ব্যক্তিসহ প্ৰাকৃতিক দুৰ্যোগত নিহত আত্মীয়ক ৰাজসাহাৰ্য প্ৰদানৰো দাবী জনায় ৷

লগতে পঢ়ক : প্ৰলয়ৰে সহাৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.