অসম

assam

নেলীৰ গণহত্যা : ন্যায়ৰ দাবীত আমছুৰ ক'লা দিৱস

By

Published : Feb 18, 2020, 12:18 PM IST

১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে নেলীত সংঘটিত হৈছিল গণহত্যা ৷ বিদেশী বিতাৰণৰ অজুহাত লৈ দুৰ্বৃত্তই ধৰ্মীয় সংখ্যালঘু জনতাক নিৰ্মম বাবে হত্যা কৰি ঘৰ বাৰী জলাই দিয়ে ৷ বৰ্তমানেও কিন্তু সেই ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ'ল ৷

নেলীৰ গণহত্যা
নেলীৰ গণহত্যা : ন্যায়ৰ দাবীত আমছুৰ ক'লা দিৱস

নিউজ ডেস্ক, 17 ফেব্ৰুৱাৰী : ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে নেলীত প্ৰায় 3000 নিৰীহ ধৰ্মীয় সংখ্যালঘু জনতাক নিৰ্মম বাবে হত্যা কৰা হৈছিল । কিন্তু বৰ্তমানেও প্ৰকাশ নাপালে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৷ ইয়াৰ প্ৰতিবাদত 18 ফেব্ৰুৱাৰীত ক'লা দিৱস পালন কৰিব সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কয় যে, নেলী হত্যাকাণ্ডৰ ওপৰত তিৱাৰী আয়োগে যি প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল সেয়া আজিলৈকে ৰাজহুৱা কৰা নহ'ল ৷ যাৰ বাবে আজিলৈ ন্যায় নাপালে ভুক্তভোগী পৰিয়ালে । তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায় নেতাগাৰীকয়ে ।

তাৰোপৰি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয় যে, ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে বিদেশী বিতাড়ণৰ নামত দুস্কৃতিকাৰীয়ে নেলীত নিৰীহ ধৰ্মীয় সংখ্যালঘু জনতাক নিৰ্মমভাবে হত্যা কৰা হৈছিল । ধৰ্মীয় সংখ্যালঘু তথা নিৰীহ অশিক্ষিত হোৱা বাবে নেলী গণ হত্যাকাণ্ডৰ আজিলৈকে কোনো বিচাৰ নহ'ল ।

আনহাতে, আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে কয় যে আমছুৱে প্ৰতি বছৰে সমগ্ৰ অসমতে নেলী গণ হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত ক'লা বেজ পৰিধান কৰাৰ ওপৰিও প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ভুক্তভোগীক উচিত ন্যায় প্ৰদান কৰাৰ দাবী জনাই আহিছে । সেয়েহে আমছুৱে প্ৰতিখন জিলা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত ১৮ ফেব্ৰুৱাৰী,২০২০ তাৰিখে নিজৰ নিজৰ জিলাৰ ৰাজহুৱা স্থানত ক'লা বেজ পৰিধান কৰাৰ লগতে প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি এক প্ৰেছ বিবৃতিৰ যোগেদি আহ্বান জনায় ।

আৰু পঢ়কঃ খিলঞ্জীয়াৰ সংজ্ঞা কিদৰে দিছে ন্যায়াধীশ শৰ্মা কমিটিয়ে!

ABOUT THE AUTHOR

...view details