ETV Bharat / state

বন্যাৰ্তক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত চিকিৎসাকৰ্মী দলৰ এম্বুলেন্স - Accident in Kaliabor

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 1:57 PM IST

Accident in Kaliabor : বুধবাৰে নিশা কলিয়াবৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ বন্যাৰ্তক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হয় চাৰিজনীয়া চিকিৎসাকৰ্মী দলৰ এম্বুলেন্স ৷ ফলত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতি ৷

Accident of Flood Medical Team in Kaliabor
বন্যাৰ্তক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত চিকিৎসাকৰ্মী দলৰ এম্বুলেন্স (ETV Bharat Assam)

কলিয়াবৰ, 4 জুলাই : কলিয়াবৰত অঘটন ৷ বুধবাৰে নিশা কলিয়াবৰৰ হাতীগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এইবাৰ দুৰ্ঘটনাত পতিত হয় বন্যাৰ্তৰ সহায়ৰ বাবে নিয়োজিত চিকিৎসক তথা চিকিৎসাকৰ্মী দলৰ এম্বুলেন্স ৷ ৰৈ থকা এখন ট্ৰাকত এম্বুলেন্সে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত দুৰ্ঘটনাত পতিত হৈ আহত হয় চিকিৎসক তথা চিকিৎসাকৰ্মীৰ দলটো ।

বিৱৰণি অনুসৰি, বুধবাৰে কলিয়াবৰৰ বানাক্ৰান্তৰ চিকিৎসা সেৱাত নিয়োজিত চাৰিজনীয়া চিকিৎসাকৰ্মীৰ এটা দলে কলিয়াবৰৰ বিভিন্ন বান বিধ্বস্ত গাঁৱত চিকিৎসা সেৱা আগবঢ়াই নিশা উভতিছিল জখলাবন্ধালৈ । কিন্তু এম্বুলেন্সখনত তেলৰ পৰিমাণ কিছু কম থকাত তেল ভৰাবলৈ বাহনখন মিছালৈ আহে ৷ তাৰ পাচতে জখলাবন্ধালৈ উভতি যাওঁতেই এই দুৰ্ঘটনাত পতিত হয় বাহনখন ।

বতৰ বেয়াৰ হোৱাৰ বাবে কলিয়াবৰৰ হাতীগাঁৱৰ চাৰিলেনযুক্ত ঘাইপথৰ ডাইভাৰ্জনত ৰৈ থকা এখন ট্ৰাকত এম্বুলেন্সখনে খুন্দা মাৰে ৷ ফলত উক্ত দুৰ্ঘটনাত পতিত হৈ আহত হয় এম্বুলেন্সখনত থকা চিকিৎসা কৰ্মীৰ দলটোৰ আটাইকেইজন সদস্য ।

লগতে পঢ়ক : সম্প্ৰতি কাজিৰঙাত হাহাকাৰ; বাগৰিৰ পৰা হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন - Poaching deer meat

জানিব পৰা মতে, এই দলটোত আছিল কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতি ৷ এই দুৰ্ঘটনাটোত চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতি গুৰুতৰভাৱে আগাতপ্ৰাপ্ত হয় ৷ যাৰ ফলত তেওঁক নিশাই ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । বৰ্তমানো গুৱাহাটীতে চিকিৎসা কৰি থকা হৈছে ডাঃ উপেন্দ্ৰ কাকতিক ৷

এই দুৰ্ঘটনাত আহত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী মৃণ্ময় বৰা, ফাৰ্মাচিষ্ট অশ্বিনী বৈশ্য আৰু এম্বুলেন্সখনৰ চালক জয়ন্ত শইকীয়াক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়তে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে ৷ ইফালে এই খবৰ লাভ কৰি নিশাই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ৷ মন্ত্ৰীগৰাকীয়ে আহত চিকিৎসা কৰ্মীসকলৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লয় ৷

লগতে পঢ়ক : বেকী নৈৰ চৰত ২০ টা শিবিৰত ৬ হাজাৰ পশুধনসহ জলবন্দী ২০ হাজাৰ পৰিয়াল - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.