ETV Bharat / state

জিঅ’ নহয়, প্লাষ্টিকৰ বেগেহে ভেটিব ব্ৰহ্মপুত্ৰ, মাতমৰাত সুৰক্ষাৰ নামত ভেকোভাওনা - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 1:59 PM IST

Scam in Embankment Repairing : মাতমৰাবাসীৰ চকুলো মচিব কোনে ? বৰ্তমান সময়ত এয়া এক লাখটকীয়া প্ৰশ্ন ৷ কিয়নো কোটিটকীয়া জিঅ’ বেগ স্থাপন আঁচনিৰ নামত মাতমৰাত ব্যাপক লুণ্ঠনৰ অভিযোগ ঠিকাদাৰ অশোক শৰ্মাৰ বিৰুদ্ধে ৷

ASSAM FLOOD 2024
বিধায়কৰ পৰিস্থিতি পৰিদৰ্শন (ETV Bharat Assam)

ধেমাজি, 4 জুলাই: বছৰৰ দ্বিতীয়টো বানে কালৰূপ ধাৰণ কৰাৰ সময়তে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে নিম্নমানৰ প্লাষ্টিকৰ বেগেৰে ব্ৰহ্মপুত্ৰক ভেটা দিয়াৰ চেষ্টা ৷ এই ঘটনা সংঘটিত হৈছে ঢকুৱাখনাৰ মাতমৰাৰ মথাউৰিত ৷

মাতমৰাত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক লুণ্ঠনৰ অভিযোগ (ETV Bharat Assam)

প্ৰাপ্ত তথ্য অনুসৰি, বাৰিষাৰ প্ৰথমটো বানতে উটি যায় মাতমৰা লেণ্ড স্পাৰৰ কেইবাটাও অংশৰ নিম্নমানৰ জিঅ’ বেগ ৷ যি সমূহ ব্ৰহ্মপুত্ৰক ভেটা দিয়াৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল ৷ এই কামৰ দায়িত্বত আছিল অশোক শৰ্মা নামৰ এজন ঠিকাদাৰ ৷ কিন্তু ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কামত অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: বেকী নৈৰ চৰত ২০ টা শিবিৰত ৬ হাজাৰ পশুধনসহ জলবন্দী ২০ হাজাৰ পৰিয়াল - Assam Flood 2024

স্থানীয় লোকসকলৰ অভিযোগৰ পিছত বুধবাৰে মাতমৰাৰ উক্ত স্থানত উপস্থিত হয় ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে ৷ বিধায়কগৰাকীয়ে পৰিস্থিতি পৰিদৰ্শনৰ অন্তত মাতমৰাত জিঅ’ বেগ স্থাপনৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ কথাটো স্বীকাৰ কৰে ৷ তদুপৰি বিধায়ক দলে এইক্ষেত্ৰত উচিত তদন্তৰ আশ্বাসো প্ৰদান কৰে ৷

উল্লেখ্য যে, বাৰিষাৰ পূৰ্বৰে পৰা স্থানীয় লোকসকলে মাতমৰা মথাউৰিত জিঅ’ বেগৰ স্থাপন সন্দৰ্ভত নিম্নমানৰ কাম হোৱা বুলি উত্থাপন কৰি আহিছিল অভিযোগ ৷ কিন্তু ৰাইজৰ এই অভিযোগক কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল বিভাগীয় কৰ্তৃপক্ষই ৷ কিয়নো ঢকুৱাখনা জলসম্পদ বিভাগৰ অধীনত মাতমৰা লেণ্ড স্পাৰত নিৰ্মীয়মাণ অৱস্থাত থকা জিঅ’ বেগ স্থাপনৰ বেলিকা উন্নতমানৰ জিঅ’ বেগৰ পৰিবৰ্তে অতি নিম্নমানৰ প্লাষ্টিক বেগহে ব্যৱহাৰ কৰা হৈছিল ৷

লগতে পঢ়ক: একেদিনাই ৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে বানত, কিমানদিনলৈ চলিব এই বিভীষিকা ! - ASSAM FLOOD 2024

পিছে বিভাগে ঠিকাদাৰগৰাকীৰ এই কাৰ্যৰ কথা জানিও কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি স্থানীয় ৰাইজে আক্ষেপেৰে কয় ৷ বুধবাৰে বিধায়ক নৱ কুমাৰ দলেয়ে এই স্থান পৰিদৰ্শনৰ অন্তত নিম্নমানৰ জিঅ’ বেগসমূহ আঁতৰাই উন্নত মানৰ বেগ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক ।

লগতে পঢ়ক: তেজপুৰৰ কলিবাৰীত বান পৰিস্থিতি পৰিদৰ্শন ভূপেন বৰাৰ, ক্ষতিগ্ৰস্তক ৰাজসাহাৰ্য দিয়াৰ দাবী - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.