ডিফু, 24 এপ্ৰিল :বৰ্তমান সময়ত পাহাৰীয়া জিলা কাৰ্বি আংলং জোঁকাৰি যোৱা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ ACS কাথাৰৰ পৰিয়াল কেন্দ্ৰিক সংঘাতে সচকিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক ৷ শনিবাৰে জ্যেষ্ঠ এচিএছ বিষয়া মুকুল কাথাৰে পৰিয়াল কেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি গুলী ফুটোৱাৰ ঘটনাই ডিফু চহৰত উত্তেজনাৰ সৃষ্টি কৰিছে ৷ পৰিয়াল কেন্দ্ৰিক বিবাদকলৈ বিষয়াজনে মুকলিকৈ কৰা গুণ্ডাগিৰিৰ বিষয়ে চৰ্চা অব্যাহত আছে জিলাখনত (Allegation against ASC officer harrash wife) ৷
এই পাৰিবাৰিক সংঘাত এতিয়া আইনৰ ওচৰ পাইছেগৈ ৷ বিষয়াজনৰ বিৰুদ্ধে পত্নীয়ে কৰা গোচৰকলৈ জিলা আৰক্ষী অধীক্ষকে এখন সংবাদমেলৰ আয়োজন কৰে ৷ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এই সংবাদমেল আয়োজন কৰি বিষয়টোকলৈ আৰক্ষীৰ তদন্তৰ অগ্ৰগতিৰ কথা সদৰী কৰে ৷
আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেলখনত কয় যে, যোৱা ২২ এপ্ৰিলত এচিএছ বিষয়া মুকুল কাথাৰে সন্ধিয়াৰ ভাগত এক পৰিয়াল কেন্দ্ৰিক সংঘাতকলৈ নিজ জেশাহুক অপদস্থ কৰা বুলি এখন এজাহাৰ লাভ কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৪১/৩২৩/৫০৬ ত ২৩/৪৪ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে ৷ তাৰ পাচতে পুনৰ মুকুল কাথাৰে ৰুকাছেন গাঁৱত থকা শহুৰৰ ঘৰলৈ গৈ এক ৰাউণ্ড গুলী ফুটোৱাৰ অভিযোগ উত্থাপন হৈছে ৷