অসম

assam

GMC election 2022: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত সাতজন নিৰীক্ষকক নিয়োগ

By

Published : Mar 29, 2022, 12:40 PM IST

সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC election 2022) ৷ এফালে ৰঙালী বিহু, আনফালে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ৷ মুঠতে মহানগৰবাসীৰ আহৰিয়েই নাই বহাগৰ মাহত ৷ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে(State Election Commission) নিয়োগ কৰিছে ৱাৰ্ড অনুযায়ী ছজন নিৰীক্ষকৰ লগতে এগৰাকী বিশেষ নিৰীক্ষকক(Seven observers appointed in GMC election) ৷

seven-observers-appointed-in-gmc-election-by-state-election-commission
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

গুৱাহাটী, 29 মাৰ্চ:অসম ৰাজ্যিক নিৰ্বাচন আয়োগে(State Election Commission) গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC election 2022) সূচাৰুৰূপে সম্পন্ন কৰাৰ বাৱে ৱাৰ্ড অনুযায়ী ছজনকৈ নিৰীক্ষক আৰু এগৰাকী বিশেষ নিৰীক্ষকক নিয়োগ(Seven observers appointed in GMC election) কৰিছে ৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ভাৰতীয় বন সেৱা (অৱসৰপ্ৰাপ্ত) বিষয়া, লক্ষ্ণৌৰ আৰ এম ডুবেক বিশেষ নিৰ্বাচনী নিৰীক্ষক হিচাপে নিয়োগ কৰিছে ৷ ৩১ মাৰ্চত ডুবে অসমত উপস্থিত হ’ব ৷ তেওঁৰ ফোন নম্বৰ হৈছে-৯৪৩৫০-৬৭৬৯০ ৷

আনহাতে, ৱাৰ্ড অনুযায়ী নিয়োগ কৰা ছজন নিৰ্বাচনী নিৰীক্ষক হৈছে ক্ৰমে- ৱাৰ্ড নং ১-১০ লৈ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, ফোন নম্বৰ-৯৪৩৫১-৮৬৩২২, ৱাৰ্ড নং ক্ৰমে ১১-২০ লৈ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ যুটীয়া সচিব ভাস্কৰজ্যোতি মান্তা, ফোন নম্বৰ-৯৩৬৫৮-২৩১৫২, ৱাৰ্ড নং ক্ৰমে ২১-৩০ লৈ সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব গৌৰীশংকৰ শৰ্মা, ফোন নম্বৰ ৯৪৩৫০-৮৩১৮৬ ৷

আনহাতে, ৱাৰ্ড নম্বৰ ক্ৰমে ৩১-৪০ লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া সচিব আৰু জলজীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক মৃদুল কুমাৰ দাস, ফোন নম্বৰ-৯৪৩৫১-৫৮৮২২, ৱাৰ্ড নম্বৰ ক্ৰমে ৪১-৫০ লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ সচিব অনন্ত কুমাৰ গগৈ, ফোন নম্বৰ ৮৪৭৪৮-৭৮৫৬৪, ৱাৰ্ড নম্বৰ ক্ৰমে ৫১-৬০ লৈ পৰিবহণ বিভাগৰ উপ সচিব আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সচিব গুণজিৎ ৰায় চৌধুৰী, ফোন নম্বৰ হৈছে ৯৪৩৫০-৫৮৯২০ ৷

উল্লেখ্য যে, সাধাৰণ ৰাইজে নিৰ্বাচন সন্দৰ্ভত নাইবা প্ৰাৰ্থীৰ সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰিবলগীয়া হ’লে প্ৰত্যক্ষভাৱে এইসকল নিৰীক্ষকক যোগাযোগ কৰিব পাৰিব ৷ ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

লগতে চাওক:GMC Election 2022: গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে ৱেব পৰ্টেল মুকলি

ABOUT THE AUTHOR

...view details