ETV Bharat / state

ৰাজপথত আৰক্ষীৰ গুণ্ডাগিৰি : আৰক্ষী বিষয়াসহ দুই কনিষ্টবলৰ বিৰুদ্ধে তদন্ত ঘোষণা - Brutally thrashed by police

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 6:32 PM IST

Lekhapani Police Station : ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰৰ অভিযোগ সুৰামত্ত আৰক্ষীৰ বিৰুদ্ধে ৷ অভিযুক্ত আৰক্ষী বিষয়াৰ লগতে দুই জোৱানৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জি পি সিঙৰ ৷

Lekhapani Police Station
তিনিচুকীয়াৰ ৰাজপথত আৰক্ষীৰ গুণ্ডাগিৰি (ETV Bharat Assam)

তিনিচুকীয়া, ২৭ জুন : তিনিচুকীয়া লেখাপানী আৰক্ষীয়ে বুধবাৰে নিশা ৰাজপথত গুণ্ডাগিৰি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । মদৰ নিচাত মাতাল হৈ বিনা কাৰণত এগৰাকী MBA ছাত্ৰ প্ৰদুম ছেত্ৰীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়াৰ বিৰুদ্ধে । অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ নাম প্ৰাঞ্জল ফুকন বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, লেখাপানী আৰক্ষী থানাৰ উপ-পৰিদৰ্শকৰ দায়িত্বত থকা প্ৰাঞ্জল ফুকনে বুধবাৰে নিশা সুৰামত্ত অৱস্থাত আৰক্ষীৰ পোচাক পৰিধান নকৰাকৈ নিজৰ লগতে আৰু তিনিগৰাকী আৰক্ষী জোৱানে এই কাণ্ড সংঘটিত কৰে ৷ অভিযোগ অনুসৰি ৰাজপথৰ কাষত ৰৈ থকা ফৰ্ছুনাৰ বাহনৰ পৰা অভিযোগৰাকী যুৱকগৰাকীক বাহিৰলৈ উলিয়াই আনি অশ্লীল শব্দ প্ৰয়োগেৰে গালি পাৰি প্ৰহাৰ কৰে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকগৰাকী ।

লগতে পঢ়ক: কান্দি কান্দি পুলিবৰ থানাৰ চৌহদত ন্যায় বিচাৰিলে অনুপমৰ পৰিয়ালে

পৰৱৰ্তী সময়ত যুৱকগৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি আৰক্ষী বিষয়াগৰাকীৰ লগতে তেওঁৰ লগত যোৱা তিনি আৰক্ষী জোৱানৰ বিৰুদ্ধে লেখাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিবলৈ তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে ৷

ইয়াৰ পিচতে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ বিষয়টোৰ সন্দৰ্ভত সৰৱ হৈ পৰিছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে দুগৰাকী কনিষ্টবলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়াক দায়িত্ব প্ৰদান কৰে ৷

লগতে পঢ়ক: আৰক্ষীৰ অত্যাচাৰত যুৱকৰ মৃত্যু: ৬ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.