ETV Bharat / state

এছ আই টিয়ে তদন্ত সম্পূর্ণ নকৰা ৩৯ বিষয়াৰ অধিকাংশই আছিল অনুত্তীর্ণ - APSC Scam

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 5:26 PM IST

APSC Scam: এ পি এছ চি পৰীক্ষাৰ তদন্তত এটাৰ পিচত আন এটা তথ্য পোহৰলৈ আহিছে । তদন্তৰ দায়িত্ব নতুনকৈ চি আই ডিৰ ডি এছ পি উপেন কলিতাক অৰ্পণ কৰাৰ লগতে জানিব পৰা গৈছে যে ৩৯ জনৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ তদন্ত গোটে সঠিক তদন্ত কৰা নাছিল । যিসকলৰ বেছিভাগেই অনুতীৰ্ণ আছিল ।

APSC Scam
এছআইটিয়ে তদন্ত সম্পূর্ণ নকৰা ৩৯ বিষয়াৰ অধিকাংশই আছিল অনুত্তীর্ণ (APSC)

গুৱাহাটী, ২৭ জুন : এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হোৱা বুলি ন্যায়িক তদন্ত আয়োগে চিনাক্ত কৰাৰ পিচতো এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্ত গোটে (এছ আই টি) সঠিক তদন্ত কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে । এই কথা শেহতীয়াকৈ আদালতত উন্মোচিত হয় । ইতিমধ্যে এইক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়াৰ ব্যৰ্থতাৰ বাবে আদালতৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্য চৰকাৰে তদন্তকাৰী বিষয়া প্ৰতীক থুবেক আঁতৰ কৰি তদন্তৰ দায়িত্ব নতুনকৈ চিআইডিৰ ডি এছ পি উপেন কলিতাক অৰ্পণ কৰিছে ।

উল্লেখ্য যে APSCৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হোৱা বুলি ন্যায়িক তদন্ত আয়োগে চিনাক্ত কৰা বিষয়াসকলৰ বেছিভাগেই পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল । প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদনত এই বিষয়াসকল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ৰহস্য উদঘাটন কৰা হৈছিল । কিন্তু তাৰ পিচতো ৩৯ জনৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ তদন্ত গোটে (এছ আই টি) সঠিক তদন্ত কৰা নাছিল ।

ৰাকেশ পাল বাহিনীয়ে বঢ়াই দিছিল কমেও ২০ গৰাকী প্ৰাৰ্থীৰ উত্তৰ বহীৰ নম্বৰ :

প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদন অনুসৰি, এ পি এছ চিৰ মূল পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ নম্বৰ লাভ নকৰা কমেও ২০ গৰাকী প্ৰাৰ্থীৰ উত্তৰ বহীত আৰু টেবুলেচন শ্বীটত এপিএছচিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালে নম্বৰ বঢ়াই দি সাক্ষাৎকাৰলৈ প্ৰেৰণ কৰিছিল । মৌখিক সাক্ষাৎকাৰতো তেওঁলোকক সর্বাধিক নম্বৰ দিয়া হৈছিল । আনহাতে প্রায় এক ডজন প্রার্থীয়ে মূল পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁলোকৰো নম্বৰ বঢ়াই পছন্দৰ সেৱা/পদ লাভ কৰাত পাল বাহিনীয়ে সহায় কৰিছিল বুলি ন্যায়িক আয়োগে আঙুলিয়াই দিছিল । এই প্রার্থীসকলক ন্যূনতম ৬০ৰ পৰা ২৮০ পর্যন্ত নম্বৰ বৃদ্ধি কৰি উত্তীৰ্ণ কৰাই দিয়া হৈছিল ।

আশ্চর্যজনকভাৱে একাধিক প্ৰাৰ্থীৰ সকলো উত্তৰ বহী পর্যন্ত নাইকিয়া কৰি পেলোৱা হৈছিল । ন্যায়িক তদন্তত পোহৰলৈ অহা তথ্য মতে, এচিএছ বিষয়া ধীৰাজ কুমাৰ জৈন, আকাশী দুৱৰা, বিক্রমাদিত্য বৰা, ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ত্রিদিপ ৰয়, হিতেশ মজুমদাৰে ২০১৩ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত 'ফেইল' কৰিছিল । ৰাকেশ পাল বাহিনীয়ে নম্বৰ বঢ়াই দি সাক্ষাৎকাৰলৈ পঠিওৱাৰ পিচত চূড়ান্ত বাছনি তালিকাত জৈনে ৩৩ নং, দুৱৰাই ৫৭ নং, বৰাই ৪৫ নং, মজুমদাৰে ৪৭ নং, ৰয়ে ১৯ নং আৰু হাতীবৰুৱাই ৫১ নং স্থান লাভ কৰিছিল ।

সেই বৰ্ষত ৯০ জনক এচিএছ (কনিষ্ঠ গ্রেড)ৰ বাবে বাছনিৰ ভিতৰত থকা ১১ এপিএছ বিষয়াৰ ১০ জনেই মূল পৰীক্ষাত 'ফেইল' কৰিছিল । উল্লেখ্য যে সেই বছৰ বাছনি কৰা ৬০ এপিএছ বিষয়াৰ তালিকাত ৩ নং স্থানপ্রাপ্ত কল্যাণ কুমাৰ দাস, ৭ নং স্থানপ্রাপ্ত ফাৰুক আহমেদ, ৯ নং স্থানপ্রাপ্ত দীপাংকৰ দত্ত লহকৰ, ১০ নং স্থানপ্রাপ্ত ঋতুৰাজ দলে, ২১ নং স্থানপ্রাপ্ত কুলপ্রদীপ ভট্টাচার্য, ৩১ নং স্থানপ্রাপ্ত নন্দিনী কাকতি, ৩৫ নং স্থানপ্রাপ্ত নীলাঞ্জন গগৈ, ৩৮ নং স্থানপ্রাপ্ত নিতুমণি দাস, ৪০ নং স্থানপ্রাপ্ত পুষ্কল গগৈ, ৫১ নং স্থানপ্রাপ্ত কমিৰ তিমুংপীয়ে সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাত 'ফেইল' কৰিছিল ।

উল্লেখ্য যে নন্দিনী কাকতিৰ সকলো উত্তৰ বহী এপিএছচিৰ পৰা অন্তৰ্ধান হোৱা বুলি তদন্তত পোহৰলৈ আহিছে । একেদৰে আবকাৰী পৰিদৰ্শক পদত বাছনি হোৱা সৌৰভ প্ৰাণ শৰ্মা (৫ নং স্থান), কৰ পৰিদৰ্শক বৰকিৰি তেৰাং (১৩ নং স্থান), কৰ অধীক্ষক জয়ন্ত দাস (১১ নং স্থান), ইতিমধ্যে গ্রেপ্তাৰ কৰা সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস (৯ নং স্থানপ্রাপ্ত), সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক বিকাশ শৰ্মাই (৩ নং স্থান) মূল পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ নম্বৰ লাভ কৰা নাছিল । তেওঁলোকক মূল টেবুলেচন শ্বীটত নম্বৰ বঢ়াই দি উত্তীৰ্ণ কৰোৱা হৈছিল ।

উল্লেখ্য যে এই বিষয়াসকলৰ নম্বৰ সম্বলিত টেবুলেচন শ্বীট এপিএছচিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল । তাৰ পৰৱৰ্তী সময়ত কৰোৱা নথিপত্ৰৰ ফৰেনছিক পৰীক্ষাতো এই প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কৰা জালিয়াতি প্ৰমাণ হৈছিল যদিও ৰহস্যজনকভাৱে তেওঁলোকক সেই সময়ত তদন্তৰ আওতালৈ অনা হোৱা নাছিল । এছআইটিয়েও তেওঁলোকৰ বিৰুদ্ধে পর্যাপ্ত প্ৰমাণৰ অভাৱত তেওঁলোকক অভিযুক্ত কৰিব পৰা নাযায় বুলি শেহতীয়া অভিযোগনামাত উল্লেখ কৰিছে । এতিয়া তদন্তৰ দায়িত্ব অৰ্পণ কৰা তদন্তকাৰী বিষয়া উপেন কলিতাই কিদৰে এই তদন্ত প্ৰক্ৰিয়া সঠিকভাবে লৈ যায় সেয়া সময়হে ক'ব ।

লগতে পঢ়ক :এ পি এছ চি কেলেংকাৰী : মুখ্য তদন্তকাৰী বিষয়াক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ - APSC Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.