ETV Bharat / state

৩৫ হাজাৰ শিক্ষক পদ মুকলিৰ সিদ্ধান্ত কেবিনেট বৈঠকত - Cabinet meeting in Nalbari

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 5:58 PM IST

Assam Cabinet decisions : নতুনকৈ মুকলি কৰা হ’ব 35 হাজাৰ শিক্ষক পদ ৷ হেলমেট পৰিধান নকৰাকৈ বাহন চলালেহে বিহা হ'ব জৰিমনা ৷ আৰু কি কি সিদ্ধান্ত লোৱা হ’ল নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত ?

Assam Cabinet decisions
নলবাৰীত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (ETV Bharat Assam)

নলবাৰী, ২৭ জুন : বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । কেবিনেটত বৈঠকখনত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আজিৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

৩৫ হাজাৰ শিক্ষক পদ সৃষ্টি :

সৰ্বশিক্ষা অভিযানত কৰ্মৰত শিক্ষকসকলক নিয়মীয়াকৰণৰ বাবে আদালতে দিছিল নিৰ্দেশ ৷ কিন্তু ৰাজ্যৰ শিক্ষা বিভাগে আদালতৰ সেই নিৰ্দেশনা পালন কৰিব নোৱাৰিলে ৷ সেয়ে এই শিক্ষকসকলক সকাহ দিয়াৰ বাবে নতুনকৈ ৩৫ হাজাৰ শিক্ষক পদ সৃষ্টি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ যাতে সৰ্বশিক্ষাত কৰ্মৰত অনিয়মীয়া শিক্ষকসকলে উক্ত নতুন পদৰ বাবে আবেদন কৰাৰ সুবিধা লাভ কৰে ৷ ইয়াৰ জৰিয়তে ৩৫ হাজাৰ অনিয়মীয়া শিক্ষকৰ পদ বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেটত ৷

কেৱল হেলমেটৰ ক্ষেত্ৰতহে ল’ব পাৰিব জৰিমনা :

বাহনৰ নথি-পত্ৰৰ ক্ষেত্ৰত লোৱা জৰিমনা সন্দৰ্ভত কেবিনেটত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সিদ্ধান্ত অনুসৰি পৰিবহন বিভাগ আৰু যান-বাহন শাখাৰ আৰক্ষীয়ে বাইক আৰোহীক হেলমেট নিপিন্ধাৰ বাহিৰে আন কাৰণত জৰিমনা বিহিব নোৱাৰিব ৷ একেদৰে যিকোনো তিনিচকীয়া বাহনৰ ক্ষেত্ৰত চাৰিবাৰলৈ জৰিমনা ৰেহাই দিয়া হ’ব । পাঁচ নম্বৰবাৰৰ ভুলৰ পৰা জৰিমনাৰ ব্যৱস্থা কৰা হ’ব বুলিও এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয় ।

উন্নয়নমূলক কামৰ ক্ষেত্ৰত সিদ্ধান্ত :

আজিৰ কেবিনেটে কৰিমগঞ্জত পানীযোগান আঁচনিৰ বাবে ৮১ কোটি টকা আৰু হাইলাকান্দিত পানীযোগান আঁচনিৰ বাবে ৭২ কোটি টকাৰ অনুমোদন দিয়ে । কেবিনেটত গুৱাহাটীৰ আজাৰাত সভাগৃহৰ বাবে আৰু ডিব্ৰুগড়ৰ ইস্কন মন্দিৰৰ বাবে ভূমি আৱন্টন দিয়ে ।

তদুপৰি নলবাৰীৰ কেবিনেট বৈঠকত আন বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেবিনেট বৈঠকখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়নত কৰ্মৰত অভিযন্তাৰ পদোন্নতিত অনুমোদন জনোৱা হয় । পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ সৰু সৰু বজাৰ ডাকত দি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছিল, সেই ব্যৱস্থাৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰত আজিৰ কেবিনেট বৈঠকত আলোচনা কৰা হয় ৷ বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত ইয়াৰ বাবে এখন উপ-সমিতি গঠন কৰা হয় । এমাহ-দুমাহৰ ভিতৰত বজাৰ নিলামত দিয়া ব্যৱস্থা নোহোৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: আধুনিক আন্তঃগাঁথনিৰে ৰাজ্যত নিৰ্মাণ হৈ আছে ৫০০ বিদ্যালয় : মুখ্যমন্ত্ৰী

আনহাতে কেবিনেটত নলবাৰীৰ বাবে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । নলবাৰীৰ ৩৪৭ গৰাকী অ’ বি বি শিক্ষকক মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অন্তৰ্ভুক্ত কৰি দুই লাখ টকা লাভ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । একেদৰে সনাতনী সংস্কৃতিৰ পীঠস্থান নলবাৰীৰ ঐতিহাসিক হৰিমন্দিৰ, বিল্বেশ্বৰ দেৱালয়, বালিলেচাৰ শ্ৰীশ্ৰী কালী দেৱালয় আৰু বাঘেশ্বৰী মন্দিৰৰ উন্নয়নৰ বাবে ১২ কোটি টকাৰ অনুমোদন কৰা হয় ৷

নলবাৰীত নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে অনুমোদন কৰা হয় আজিৰ কেবিনেট বৈঠকত । একেদৰে এম এন চিত বিজ্ঞান শাখা, বৰক্ষেত্ৰী মুকালমুৱা আৱাস স্কুলৰ ঠাইত স্নাতক মহাবিদ্যালয় স্থাপনৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে পশ্চিম নলবাৰীৰ বান সমস্যা সমাধান কৰাৰ বাবে বুঢ়াদিয়া আৰু মৰাপাগলাদিয়া নদীত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰাৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

নলবাৰী মেডিকেল কলেজলৈ ৰোগী সুবিধাজনকভাৱে যাবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত উৰণ সেতু নিৰ্মাণ কৰাৰ লগতে নলবাৰীত আটক ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ কৰা, ধমধমাত দক্ষতা বিকাশ প্ৰকল্প নিৰ্মাণৰ অনুমোদন কৰাৰ উপৰিও এটা কনভেনচন চেন্টাৰ নিৰ্মাণ কৰাৰ বাবে কেবিনেটত অনুমোদন জনায় ৷

লগতে পঢ়ক: নলবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ ১৪ সংখ্যক কেবিনেট বৈঠক

ইপিনে শৰণীয়া কছাৰীসকলক বড়ো সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ প্ৰমাণপত্ৰৰ বাবে বড়ো বুলি আবেদন জনালেই হ’ব । আনহাতে প্ৰতীক থুবেৰ ঠাইত উপেন কলিতাক এ পি এছ চি কেলেংকাৰীৰ তদন্তকাৰী বিষয়া নিযুক্ত কৰা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷

ড৹ শৰ্মাই কয় যে আদালতে নিজাকৈ চমন দিব পাৰে, কিন্তু তদন্তকাৰী বিষয়াৰ ফালে আদালতে কিয় আঙুলি টোৱাইছে সেইটো লক্ষ্যণীয় । আনহাতে যোৰহাটৰ দীপাংকৰ গগৈ সম্পৰ্কত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মৃত মানুহৰ নাম চাৰ্জশ্বীটত দিয়া নহয় । ইপিনে সাংবাদিকক পেন্সন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে ৷

লগতে পঢ়ক: নলবাৰীত 22 বিধ ব্যঞ্জন উদৰ পূৰাই খাব মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.