অসম

assam

PM security breach : হিমন্তই ক’লে প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে

By

Published : Jan 6, 2022, 8:16 PM IST

বুধবাৰে পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ বিসংগতি(PM Modi security breach in Punjab) হোৱাৰ পিছত ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক হত্যা কৰাৰ অভিসন্ধি ৰচনা কৰিছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সবিশেষ জানো আহক ৷

assam-cm-alleges-congress-to-be-a-part-of-conspiracy-to-kill-pm-modi
PM security breach: হিমন্তই ক’লে প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে

গুৱাহাটী, 6 জানুৱাৰী :পঞ্জাৱৰ ফিৰোজপুৰত অনুষ্ঠিত হ'বলগীয়া ৰেলীত ভাগ লোৱাৰ বাবে বুধবাৰে পুৱা ৰাজ্যখনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পঞ্জাৱৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে হত্যা কৰাৰ অভিসন্ধি (Alleged conspiracy to kill PM Modi) ৰচনা কৰিছিল বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Assam CM on alleged conspiracy to kill PM) । তেওঁ কয় যে, পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনাব নোযোৱাটোৱেই কংগ্ৰেছৰ ষড়যন্ত্ৰক প্ৰতিফলিত কৰিছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পঞ্জাৱ চৰকাৰৰ দ্বাৰা নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব‍্যৰ্থতাৰ (PM Modi security breach in Punjab) অভিযোগ তুলি আৰু প্ৰধানমন্ত্ৰী গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ উদ‍্যোগত বৃহস্পতিবাৰে উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়ত পূজা-অৰ্চনাৰ আয়োজন কৰা হয় । অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকে ।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কৰে । তেওঁ কয় যে, এয়া কংগ্ৰেছৰ ঘৃণনীয় ষড়যন্ত্ৰ আছিল ।

PM security breach: হিমন্তই ক’লে প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে

কিন্তু প্ৰধানমন্ত্ৰী গৰাকীয়ে এই সকলো ষড়যন্ত্ৰ ব্যৰ্থ কৰিছে বুলিও কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । উল্লেখ্য যে, বুধবাৰে পঞ্জাৱৰ ফিৰোজপুৰত অনুষ্ঠিত হ'বলগীয়া ৰেলীত ভাগ লোৱাৰ বাবে পুৱা প্ৰধানমন্ত্ৰীয়ে বিমানেৰে ভাটিন্দাত অৱতৰণ কৰিছিল । তাৰ পৰা তেওঁ হেলিকপ্টাৰেৰে হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্ব'হীদ স্মাৰকলৈ যোৱাৰ কথা আছিল । কিন্তু প্ৰতিকুল বতৰ বাবে তেওঁ বাহনৰে আহিছিল যদিও আধা বাটত প্ৰধানমন্ত্ৰীৰ কনভয়ক প্ৰতিবাদকাৰী সকলে বাধা দিছিল ।

লগতে পঢ়ক :কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক অশুভ শক্তি আখ্যা ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

...view details