অসম

assam

ETV Bharat / state

হাতী মানুহৰ সংঘাতঃ ধলাগুৰি বাগিচাত বিফল হ’ল অভিনৱ কৌশল - Golaghat man elephant conflict update

দীৰ্ঘদিন ধৰি অঞ্চলটোত চলি থকা বন্য হস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ তথা বাগিচাখন ৰক্ষা কৰিবলৈ এসপ্তাহ পূৰ্বে বিজুলী বনাঞ্চলৰ পৰা জনাঞ্চলত হাতী প্ৰৱেশ কৰা মূল পথটোত স্থাপন কৰিছিল এটা বৃহৎ জিৰাফৰ প্ৰতিমূৰ্তি ৷ কিন্তু যোৱা নিশাৰ পৰা বৰ্তমান পৰ্যন্ত মৰঙী পথাৰ, ধলাগুৰি অঞ্চলত উপদ্ৰৱ কৰি থকা এটা ৮০-৯০ জনীয়া বৃহৎ বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে জিৰাফৰ প্ৰতীকী মূৰ্তিটো ।

হাতী মানুহৰ সংঘাতঃ ধলাগুৰি বাগিচাত বিফল হ’ল অভিনৱ কৌশল

By

Published : Nov 2, 2019, 6:33 PM IST

গোলাঘাট, 2 নৱেম্বৰঃ বিফল হ’ল গোলাঘাটৰ ধলাগুৰি বাগিচাত হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰা অভিনৱ কৌশল ৷ জিৰাফৰ মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিলে হাতীৰ জাকে ৷ বাগিচাখনত অৱস্থান বৃহৎ বন্যহস্তীৰ জাকৰ ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত চলি থকা বন্য হস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ তথা বাগিচাখন ৰক্ষা কৰিবলৈ এসপ্তাহ পূৰ্বে বিজুলী বনাঞ্চলৰ পৰা জনাঞ্চলত হাতী প্ৰৱেশ কৰা মূল পথটোত স্থাপন কৰিছিল এটা বৃহৎ জিৰাফৰ প্ৰতিমূৰ্তি ৷ প্ৰতিমূৰ্তিটো স্থাপনৰ পিছতে বিগত কিছু দিন হাতীৰ জাকটোৱে কিছু পৰিমানে নিজৰ পথ সলনি কৰিছিল ৷ যাৰ বাবে বাগিচা কৰ্তৃপক্ষ আৰু স্থানীয় বাসিন্দাই কিছু পৰিমানে সকাহ পাইছিল । কিন্তু যোৱা নিশাৰ পৰা বৰ্তমান পৰ্যন্ত মৰঙী পথাৰ, ধলাগুৰি অঞ্চলত উপদ্ৰৱ কৰি থকা এটা ৮০-৯০ টা বনৰীয়া হাতীৰ বৃহৎ জাকে ভাঙি লণ্ড-ভণ্ড কৰে জিৰাফৰ প্ৰতীকী মূৰ্তিটো ।

ধলাগুৰি বাগিচাত বিফল হ’ল অভিনৱ কৌশল

আনহাতে এই ঘটনাৰ পিছতেই ৰাইজে শংকা প্ৰকাশ কৰিছে যে, নুমলীগড়ত চৰকাৰ প্ৰশাসনে অতিশীঘ্ৰে এই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিজ্ঞান সন্মত অত্যাধুনিক কৌশল অৱলম্বন নকৰিলে আৰু অধিক ভয়াবহ হৈ উঠিব হাতী মানুহৰ সংঘাত ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details