অসম

assam

New direction in river tourism: মহাবাহুৰ বুকুত পুনৰ ব্ৰহ্মপুত্ৰ আৰু স্নো মুকুতা

By

Published : Feb 17, 2022, 8:18 PM IST

নদী পৰ্যটনৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা (New direction in river tourism) ৷ মহাবাহুৰ বুকুত 'ব্ৰহ্মপুত্ৰ মুকুতা' আৰু 'স্নো মুকুতা' (Brahmaputra Mukuta and Snow mukuta) ৷ বিদেশী পৰ্যটকক লৈ 11 দিনীয়া যাত্ৰা ব্ৰহ্মপুত্ৰ আৰু স্নো মুকুতাৰ ৷

River Tourism in Dibrugrah
নদী পৰ্যটনৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা

মৰাণ, 17 ফেব্ৰুৱাৰী : ৰাজ্যৰ নদী পৰ্যটনৰ উদ্যোগটোত সংযোজন ঘটিল দুটা নতুন নাম ৷ 'ব্ৰহ্মপুত্ৰ মুকুতা' আৰু 'স্নো মুকুতা’ ৷ বিভিন্ন সা-সুবিধা সংলগ্ন কৰা হৈছে এই দুই অত্যাধুনিক জাহাজত ৷ জাহাজ দুখনৰ মুকলিৰ দিনাই অসম পালেহি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ 3 বিদেশী পৰ্যটক ৷ মুকলিৰ দিনাই 3 বিদেশী পৰ্যটকক লৈ ডিব্ৰুগড়ৰ পৰা ভটিয়নীলৈ লুইতৰ বুকুৰে যাত্ৰা 'ব্ৰহ্মপুত্ৰ মুকুতা' আৰু 'স্নো মুকুতা' নামৰ জাহাজ দুখনৰ (Three tourist starts travel on Brahmaputra Mukuta and Snow mukuta)।

নদী পৰ্যটনৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা

ব্ৰহ্মপুত্ৰৰ বিশালতা আৰু গভীৰতা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস ৷ মহাবাহু ব্ৰহ্মপুত্ৰ অসমৰ সভ্যতা সংস্কৃতিৰ ৰাজহাড়স্বৰূপ । নদী পৰিভ্ৰমণৰ যোগেদি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ নদী সভ্যতা সংস্কৃতিক তথা ব্ৰহ্মপুত্ৰ নদীৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশ, নদীৰ সুন্দৰ বাতাৱৰণ, ভৌগলিক বৈচিত্ৰৰ লগতে অসমৰ সভ্যতা-সংস্কৃতি বিশ্বৰ বুকুত জিলিকিবলৈ সক্ষম হৈছে ৷

তাৰেই প্ৰমাণ বিদেশী পৰ্যটকৰ মনত খোদিত অসমৰ এখন সুন্দৰ প্ৰতিচ্ছবি ৷

অসমলৈ আহি ইয়াৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি উৎফুল্লিত হৈ পৰিছ পেৰিছৰ কেৰল ৱেইজ (Carol weiss), চিকাগোৰ প্ৰসাদ কানোমোৰী (Prasad Kanumuri), আৰু ৰেখা কানোমোৰী (Rekha Kanumuri) ৷ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহুকেইদিন যাত্ৰা কৰি নদী কাষৰীয়া তথা চৰ-চাপৰিৰ বাসিন্দাসকলৰ সভ্যতা-সংস্কৃতি প্ৰত্যক্ষ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ বিৰল তথা নান্দনিক প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি উৎসাহিত হৈ পৰিছে বিদেশী পৰ্যটকৰ দলটো ৷

ডিব্ৰুগড়ৰ বগীবিলৰ পৰা যাত্ৰাৰ পাতনি মেলা এই দুই অত্যাধুনিক জাহাজৰ সংযোগে অসমৰ পৰ্যটন উদ্যোগটোক প্ৰদান কৰিব এক নতুন মাত্ৰা ।

লগতে পঢ়ক :ডিব্ৰুগড়ত নদী পৰ্যটনৰ দিশত নৱ জাগৰণৰ সূচনা দুই অসমীয়াৰ

ABOUT THE AUTHOR

...view details