ETV Bharat / state

লখিমপুৰত ৭৫ সংখ্যক বন মহোৎসৱৰ আৰম্ভণি - 75th Van Mahotsav Celebration

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 9:57 PM IST

Tree plantation in Lakhimpur: বুধবাৰৰ পৰা লখিমপুৰত আৰম্ভ হৈছে ৭৫ সংখ্যক বন মহোৎসৱ । জিলা আয়ুক্ত, স্থানীয় বিধায়ক, জিলা বন বিষয়া আদিৰ অংশগ্রহণেৰে নগৰৰ সমীপৰ চুকুলীভৰীয়াত থকা সন্মিলন কেন্দ্রত গছপুলি ৰোপনেৰে এই মাহজোৰা মহোৎসৱৰ পাতনি মেলা হয় ।

75th Vanmahotsav Celebration Kicks Off with tree plantation in Lakhimpur
লখিমপুৰত ৭৫ সংখ্যক বন মহোৎসৱৰ আৰম্ভণি (ETV BHARAT ASSAM)

লখিমপুৰ, ৩ জুলাই: চৰকাৰৰ নিৰ্দেশমৰ্মে প্ৰতি বছৰে জুলাই মাহত বন মহোৎসৱ পালন কৰি অহা হৈছে । সেই অনুসৰি বুধবাৰে লখিমপুৰত মাহজোৰাকৈ বন মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয় । জিলাৰ বন বিভাগৰ উদ্যোগত নগৰৰ সমীপৰ চুকুলীভৰীয়াত থকা সন্মিলন কেন্দ্রৰ চৌহদত গছপুলি ৰোপণেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হয় ।

লখিমপুৰৰ বিধায়ক মানৱ ডেকাই, জিলা আয়ুক্ত গায়ত্রী হ্যালিংগে, জিলা বন বিষয়া অশোক দেৱচৌধুৰীয়ে সহযোগ গছপুলি ৰোপণেৰে এই কাৰ্যসূচী আৰম্ভ কৰে । এইবাৰ ৭৫ সংখ্যক বন মহোৎসৱ পূৰ্বে লখিমপুৰ জিলাত দুই জুলাইৰ পৰা আৰম্ভ কৰাৰ প্ৰস্তুতি কৰা হৈছিল । এই কাৰ্যসূচী মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাবে আৰম্ভ কৰাৰ কথা আছিল ।

লগতে পঢ়ক: মই বেছিদিন জীয়াই নাথাকো, কিন্তু গছপুলিবোৰ বহু বছৰলৈ থাকিব: ধৰণী সেউজ কৰাৰ পণ কুদৰতৰ - Naturalist Kudrat Ali

লখিমপুৰত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি কৰা আয়ুক্ত সন্মিলনত অংশগ্রহণ কৰিবলৈ আহি মুখ্যমন্ত্রীয়ে বন মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা আছিল । পিছে ৰাজ্যৰ সাম্প্রতিক বান পৰিস্থিতিৰ বাবে সন্মিলন বাতিল কৰাৰ লগতে মুখ্যমন্ত্রীৰ ভ্রমণসূচীও বাতিল কৰা হয় । সেয়ে বন মহোৎসৱ বুধবাৰে আৰম্ভ কৰা হয় । বন মহোৎসৱৰ আৰম্ভণি কাৰ্যসূচীত অংশগ্রহণ কৰি জিলা বন বিষয়া অশোক দেৱ চৌধুৰীয়ে কয় যে, লখিমপুৰ জিলাত প্ৰায় সাত লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে ।

বন মহোৎসৱৰ লগতে অমৃত বৃক্ষ আৰু কেন্দ্রীয় চৰকাৰৰ "এক পেৰ মা কে নাম পৰ" কাৰ্যসূচীৰ অধীনতো জিলাখনত গছপুলি ৰোপণ কৰা হ’ব । তাৰ বাবে জিলাৰ বন বিভাগে গছৰ পুলি বিনামূলীয়া কৈ যোগান ধৰিব বুলি তেওঁ কয় । তেওঁ আৰু কয় যে, গছপুলি কেৱল ৰুলেই নহ’ব । যি গছপুলি ৰোপণ কৰে তেওঁ পৰৱৰ্তী সময়ত পুলিটোক ৰক্ষণাবেক্ষণ দিয়াৰ পৰা ডাঙৰ-দীঘল হোৱাৰ ক্ষেত্রত প্ৰতিপাল কৰিব লাগিব । এই কামটো বন বিভাগে কৰিব নোৱাৰে । যি পুলি ৰোৱে তেওঁ এই মহৎ কামৰ অংশীদাৰ হৈ পুলিটোক প্ৰতিপাল কৰি ডাঙৰ কৰিলেহে প্ৰকৃত উদ্দেশ্য পূৰণ হ’ব । তাৰ বাবে তেওঁ ৰাইজক পুলি ৰোৱাৰ পৰা প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: খাটাংপানী বন বিভাগৰ উদ্যোগত ৰোপণৰ বাবে সাজু ৯ লাখ গছপুলি - Khatangpani Forest Dept Nursery

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.