জনীয়া, 28 মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়াত বনজ সম্পদৰ অবাধ লুণ্ঠন ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আই আৰু মানাহ নদীৰ সংযোগস্থলী বৰটাৰী আৰু সন্তোষপুৰত বালি মাফিয়াৰ দপদপনি ৷ কাকো কেৰেপ নকৰাকৈ দিনে নিশাই নৈৰ বুকুত চলাই গৈছে অবৈধ খনন ৷ দিনৰ উপৰিও নিশাৰ ভাগতো বালি খনন অব্যাহত ৰাখিছে বালিমাফিয়া চক্ৰটোৱে ৷ ঘোৰ নিদ্ৰাত বনবিভাগ, জিলা প্ৰশাসন (Illegal sand mining in Kalgachia)৷
উল্লেখযোগ্য যে, অবৈধ বালি খনন বন্ধ কৰিবৰ বাবে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত বিভিন্ন দল সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কলগাছিয়া চি পি আই এমে আন্দোলনৰ এক কাৰ্য্যসূচী হাতত লোৱাত কিছুদিন অবৈধ বালি খনন বন্ধ হৈছিল যদিও এতিয়া পুনৰ বালি খনন আৰম্ভ কৰিছে বালিমাফিয়া চক্ৰটোৱে (Illegal sand mining in Barpeta) ৷
এই অবৈধ বালি খননৰ বাবে প্ৰতিবছৰে নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে ৷ এইবাৰ বাৰিষাৰ সময়ত খহনীয়াই কালৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ বাৰিষাৰ সময়ত ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ লগতে অভয়াপুৰীৰ পৰা আমিনগাঁৱলৈ যোৱা ৰাজ্যিক ঘাইপথৰ পকী দলংখন খহনীয়াৰ কৱলত পৰাৰ সম্ভাৱনা আছে (Samd Mafia in Kalgachia) ৷