ETV Bharat / state

বান সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ : অখিল গগৈ - Akhil Gogoi on Assam Flood

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 4:28 PM IST

Akhil Gogoi on Assam Flood: অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ বিধায়ক অখিল গগৈৰ । তেওঁৰ মতে বান সমস্যা সমাধানৰ বাবে চৰকাৰে সাধাৰণ কামখিনিও কৰা নাই । অসমৰ মুখ্যমন্ত্ৰীক সস্তীয়া ৰাজনীতি ত্যাগ কৰাৰ আহ্বান অখিল গগৈৰ ।

Akhil Gogoi on Assam Floodt
বান সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ (Etv Bharat)

শিৱসাগৰ,২৭ জুন : অসমৰ বান সমস্যাক লৈ পুনৰ ক্ষোভিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ । বিধায়কগৰাকীৰ মতে বিজেপি চৰকাৰ অসমৰ এই জলন্ত সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ হৈছে । তেওঁৰ মতে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই চৰকাৰে । শিৱসাগৰ নগৰৰ নিজা বাসগৃহত সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে বানমুক্ত অসমৰ কথা কৈ আহিছে যদিও আজিলৈকে অসমৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে ।

বান সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ (ETV Bharat)

তেওঁ চলিত বছৰৰ বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ সামগ্ৰিক তথ্য দাঙি ধৰি কয় যে প্ৰাকৃতিক দুৰ্যোগত অসমত এতিয়ালৈ ৩৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । তেওঁ অভিযোগ কৰিছে যে ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে কেন্দ্ৰ আৰু ৰাজ্যত অনুষ্ঠিত হোৱা প্ৰতিটো নিৰ্বাচনতে বিজেপি দলে অসমৰ বান সমস্যাক ভোট লাভৰ টোপ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও এইক্ষেত্ৰত বিজেপি দল সম্পূৰ্ণ ৰূপে ব্যৰ্থ ।

বানমুক্ত অসম বিজেপি দলৰ অসমীয়া ৰাইজৰ বাবে প্ৰথম প্ৰতিশ্ৰুতি আছিল যদিও এতিয়া কেৱল মাত্ৰ পুখুৰী খান্দি অসমৰ এই সমস্যা সমাধান কৰাৰ দৰে হাস্যকৰ প্ৰস্তাৱ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ দ্বাৰা অসমৰ বান সমস্যাৰ প্ৰতি বিজেপি চৰকাৰৰ সদিচ্ছা প্ৰকট হৈ পৰিছে বুলিও তেওঁ অভিযোগ কৰে । জেঠ আৰু আহাৰ মাহৰ প্ৰাথমিক বানত ৩৫ গৰাকী লোকৰ মৃত্যুৱে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, জল সম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ অকৰ্মণ্যতা প্ৰমাণ কৰে বুলিও তেওঁ দাবী কৰে । এইক্ষেত্ৰত ডিব্ৰুগড় চহৰৰ বান-খহনীয়া আৰু নলবাৰী নগৰৰ কৃত্ৰিম বানৰো উদাহৰণ দাঙি ধৰে অখিল গগৈয়ে ।

নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠক নাও অথবা জাহাজত কৰিব লাগিছিল বুলিও চৰকাৰক উপহাস কৰে অখিল গগৈয়ে । বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সস্তীয়া ৰাজনীতি এৰি, মানুহৰ মাজত বিভেদৰ ৰাজনীতি বাদ দি অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবী কৰে । আনহাতে সংবাদমেলত অখিল গগৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক বিশেষ সাম্প্ৰদায়িক বন্ধু আখ্যা দি সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিয়ে এআইডিইউএফৰ মুছলমানৰ ভোট লৈ কৰিমগঞ্জ সমষ্টিত জয়ী হোৱা বুলি মন্তব্য কৰে ।

আনহাতে কৰিমগঞ্জ সমষ্টিত থলুৱা মুছলমানলোকক ব্লেক মেইলিং কৰি নিৰ্বাচনত জয়ী হোৱা বুলিও তেওঁ অভিযোগ কৰে । আনহাতে মুছলমানৰ ভোট লৈ বিজেপি দল জয়ী হোৱাৰ পিচত পুনৰ পুৰণি চৰিত্ৰৰ পুনৰাবৃত্তিৰে হিমন্ত-পীযুষে শৰাইঘাটৰ ৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে । এনে প্ৰেক্ষাপটত আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে এক ডাঙৰ সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব পাৰে বুলিও অখিল গগৈয়ে অসমৰ ৰাইজক সকীয়াই দিয়ে । তেওঁ সকলো সংখ্যালঘু ৰাইজক সচেতন হৈ থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :পুনৰ কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড় চহৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.