অসম

assam

Pak Intruder neutralized : সীমান্তত পাক অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা

By

Published : Jun 1, 2023, 10:54 AM IST

জম্মু-কাশ্মীৰৰ চাম্বাত পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা বিএছএফৰ (BSF killed Pak Intruder)। সতৰ্ক কৰি দিয়াৰ পাছতো লোকজনে ভাৰতৰ সীমান্ত তাঁৰৰ ফালে আগবাঢ়ি আহিছিল । পুঞ্চ সীমান্তত নিচাজাতীয় সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰৰ সৈতে তিনিজনক গ্ৰেপ্তাৰ ।

Pak Intruder neutralized
সীমান্তত অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক,১ জুন :জম্মু-কাশ্মীৰৰ সীমান্তত অনুপ্ৰৱেশৰ ঘটনা অব্যাহত আছে (Infiltration in Jammu border)। ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ চাম্বা জিলাত পুনৰ অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি নিৰাপত্তা বাহিনীৰ গুলীচালনা । গুলীচালনাত নিহত এটা পাকিস্তানী অনুপ্ৰৱেশকাৰী (Pak Intruder neutralized in Samba area)।

সীমান্ত সুৰক্ষা বাহিনীয়ে পুৱতি নিশা জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা সন্দেহযুক্ত পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰে । বিষয়াসকলৰ মতে, ঘটনাটো পুৱা প্ৰায় ২.৫০ বজাত চাম্বা চেক্টৰৰ মংগু চাক সীমান্ত চকীৰ ওচৰত সংঘটিত হয় (BSF killed Pak Intruder)।

সীমান্ত সুৰক্ষা বাহিনীৰ এক বিবৃতিত কোৱা হৈছে যে পুৱতি নিশা বিএছএফৰ জোৱানসকলে চাম্বা অঞ্চলত পাকিস্তানৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰা এজন ব্যক্তিৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে । বিএছএফৰ জোৱানসকলে অনুপ্ৰৱেশকাৰীজনক দেখা পোৱাৰ পাছতে সতৰ্ক কৰি দিয়ে । অৱশ্যে, অনুপ্ৰৱেশকাৰীজনে সীমান্তৰ ফালে আগবাঢ়ি গৈ থাকে । পাছত বাধ্য হৈ বিএছএফ জোৱানসকলে গুলীচালনা কৰে । য'ত লোকজন নিহত হয় ।

সূত্ৰৰ মতে ঘটনাৰ পাছতে বিএছএফৰ জোৱানসকলে চাম্বা চেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত এক তালাচী অভিযান আৰম্ভ কৰে । বিএছএফৰ সূত্ৰই প্ৰকাশ কৰা মতে জম্মু বিভাগৰ ভাৰত-পাকিস্তান সীমান্তত এয়া দ্বিতীয়টো ঘটনা । ইয়াৰ পূৰ্বেও পাকিস্তানী অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি বিএছএফ জোৱানে গুলীচালনা কৰিছিল । য'ত অনুপ্ৰৱেশকাৰী নিহত হৈছিল ।

ইফালে বুধবাৰে ভাৰতীয় সেনাই পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ খাৰী অঞ্চলৰ সীমান্ত তাঁৰৰ ওচৰত ভাৰতৰ ফালে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত নিচাজাতীয় সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰৰ সৈতে তিনিজন লোকক আটক কৰে (Firing in Poonch sector)। সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত কিছু সময় ধৰি গুলীচালনা হয় আৰু এগৰাকী ভাৰতীয় সেনা জোৱান গুলীচালনাত আঘাতপ্ৰাপ্তও হয় । অৱশ্যে পৰৱৰ্তী সময়ত তিনিওজন লোকক গ্ৰেপ্তাৰ কৰা হয় ।

উল্লেখ্য যে ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । অনুপ্ৰৱেশকে ধৰি নিচাজাতীয় সামগ্ৰী সৰবৰাহ অব্যাহত আছে । অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহো অব্যাহত আছে । অৱশ্যে এনেধৰণৰ কাৰ্য প্ৰতিহত কৰাৰ বাবে সেনা আৰু বিএছএফৰ জোৱানসকলে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Delhi Murder Case: শ্বাহবাদ ডেইৰী হত্যাকাণ্ডৰ লগত সাঙোৰ খাইছে 7 টা চৰিত্ৰ

ABOUT THE AUTHOR

...view details