অসম

assam

ইউৰোপিয়ান সংঘৰ জম্মু-কাশ্মীৰ ভ্ৰমণঃ চৰকাৰৰ সমালোচনাত সৰৱ বিৰোধী

By

Published : Oct 29, 2019, 9:57 PM IST

ইউৰোপিয়ান ইউনিয়নৰ 23 জনীয়া সংসদীয় প্ৰতিনিধি মণ্ডলৰ 2 দুদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণৰ বিৰোধিতা বিৰোধী দলৰ ৷ চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কংগ্ৰেছকে আদি কৰি অন্যান্য বিৰোধী দলৰ ৷

ইউৰোপিয়ান সংঘৰ জম্মু-কাশ্মীৰ ভ্ৰমণঃ চৰকাৰৰ সমালোচনাত সৰৱ বিৰোধী

নিউজ ডেস্ক,29 অক্টোবৰঃ বহু প্ৰত্যাশিত ইউৰোপিয়ান ইউনিয়নৰ 23 জনীয়া সংসদীয় প্ৰতিনিধি মণ্ডলৰ দুদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে দেশৰ প্ৰায়বোৰ বিৰোধী ৰাজনৈতিক দলে ৷ মুখ্যতঃ এই সন্দৰ্ভত চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে মুখ্য বিৰোধী দল কংগ্ৰেছ ৷ দলটোৱে ইউৰোপিয়ান সংঘৰ সদস্যক জম্মু-কাশ্মীৰৰ পৰিস্থিতি পৰ্যবেক্ষণৰ অনুমতি প্ৰদান কৰাৰ বিপৰীতে ভাৰতীয় সংসদৰ বিৰোধী দলৰ সদস্যসকলক এইক্ষেত্ৰত কিয় বাধা দিয়া হ'ল বুলি প্ৰশ্নৰ অৱতাৰণা কৰে ৷ কংগ্ৰেছে চৰকাৰৰ এই দুমুখীয়া নীতিক দেশৰ গণতন্ত্ৰৰ প্ৰতি অপমান বুলি অভিহিত কৰাৰ লগতে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰদৰ্শন কৰা চৰম অশ্ৰদ্ধা বুলি উল্লেখ কৰিছে ৷ কংগ্ৰেছৰ শীৰ্ষনেতা ৰাহুল গান্ধীয়ে টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,"ইউৰোপীয় সংঘৰ সাংসদসকলক জম্মু-কাশ্মীৰলৈ স্বাগতম জনোৱা হৈছে, কিন্তু নিজ দেশৰ সাংসদসকলক এইক্ষেত্ৰত বাধাপ্ৰদান কৰা হৈছে আৰু প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ এইয়া নিশ্চয়কৈ এক নেতিবাচক কাৰ্য ৷"

আনহাতে কংগ্ৰেছ প্ৰবক্তা আনন্দ শৰ্মাই উক্ত বিষয়টোক সংসদত উত্থাপন কৰিব বুলি উল্লেখ কৰে ৷ ইউৰোপীয় সংঘৰ প্ৰতিনিধিক কাশ্মীৰ ভ্ৰমণৰ বাবে জনোৱা আমন্ত্ৰণে সংসদৰ নিৰ্বাচিত সাংসদসকলৰ সামূহিক ক্ষমতাক উলংঘা কৰিছে বুলি উল্লেখ কৰে ৷ তদুপৰি ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ লগতে নীতি নিৰ্ধাৰকক কাশ্মীৰলৈ জনোৱা আমন্ত্ৰণ ভাৰতৰ সংসদৰ সাৰ্বভৌমত্বৰ প্ৰতি "চৰম অশ্ৰদ্ধা" বুলি অভিহিত কৰে নেতাগৰাকীয়ে ৷

ইফালে কংগ্ৰেছৰ মুখ্য প্ৰবক্তা ৰণদীপ সূৰ্যৱালাই বিজেপিৰ পৃষ্ঠপোষকতাত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ জম্মু-কাশ্মীৰ ভ্ৰমণক "ছদ্ম ৰাষ্ট্ৰবাদী" কৌশল বুলি অভিহিত কৰিছে ৷ তেওঁ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিক কাশ্মীৰলৈ যোৱাৰ অনুমতি দিয়াৰ বিপৰীতে ভাৰতীয় বিৰোধী দলৰ সাংসদসকলক বাধা প্ৰদান কৰাৰ কৰাটো ভাৰতীয় সংসদক কৰা এক বৃহৎ অপমান বুলি উল্লেখ কৰে ৷ তেওঁ উল্লেখ কৰে, "জম্মু-কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ ৷ ই আমাৰ বিচাৰ্য বিষয় ৷" নেতাগৰাকীয়ে টুইটাৰযেগে নিজৰ অভিমত ব্যক্ত কৰি কাশ্মীৰ সন্দৰ্ভত চৰকাৰে ইউৰোপী সংঘক অংশীদাৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰে ৷

প্ৰবীণ কংগ্ৰেছ নেতা ৰাছিদ আলভিয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, চৰকাৰে ইউৰোপীয় সংঘৰ প্ৰতিনিধিক কাশ্মীৰ ভ্ৰমণৰ অনুমতি প্ৰদান কৰি অন্যান্য বৈদেশিক প্ৰতিনিধিৰ বাবে কাশ্মীৰ ভ্ৰমণৰ বাট প্ৰশস্ত কৰিলে বুলি উদ্বিগ্নতা ব্যক্ত কৰে ৷ এই সন্দৰ্ভত তেওঁ প্ৰশ্নৰ অৱতাৰণা কৰি কয় যে, "ভৱিষ্যতে যদি আমেৰিকান কংগ্ৰেছৰ বৈদেশিক পৰিক্ৰমা কমিটিৰ প্ৰতিনিধিয়ে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে ইচ্ছা প্ৰকাশ কৰে, তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই প্ৰস্তাৱ নাকচ কৰিব পাৰিবনে?" বিজেপিয়ে দেশত ৰাষ্ট্ৰবাদৰ নতুন অৱধাৰণা তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে বুলি কটাক্ষ কৰে নেতাগৰাকীয়ে ৷


ইফালে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ কাশ্মীৰ ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে অল ইণ্ডিয়া মজলিছ এ ইট্টেহাদুল মুছলিমীনৰ সভাপতি আছাদ্দুদিন অৱেইছিয়ে ৷ নেতাগৰাকীয়ে
প্ৰতিনিধি দলটোৰ ভ্ৰমণক নাজীবাদ সমৰ্থকৰ মুছলিম অধ্যুষিত অঞ্চল ভ্ৰমণ বুলি উল্লেখ কৰে ৷ প্ৰতিনিধিমণ্ডলৰ সদস্যসকল ইছলামোফবীয়া আৰু নাজীবাদৰ দ্বাৰা প্ৰভাৱগ্ৰস্ত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় নেতাগৰাকীয়ে ৷

নাজীবাদ আৰু ইছলামোফবীয়াত পীড়িত ইউৰোপীয়ান ইউনিয়নৰ সদস্যসকলে নিশ্চিতভাৱে কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্তটো তেওঁলোকৰ বাবে উন্নত সিদ্ধান্ত বুলি উল্লেখ কৰি অৱেইছিয়ে কাব্যিকভাৱে কাশ্মীৰৰ জনতাই তেওঁলোকক আদৰণি জনাব বুলি কটাক্ষ কৰে ৷

আৰু পঢ়ক কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী, অজিত ডোভাল সৈতে মিলিত হ’ল ইউৰোপিয়ান সংঘৰ প্ৰতিনিধিৰ দল

ABOUT THE AUTHOR

...view details