ETV Bharat / bharat

কে চি আৰৰ দলত প্ৰবল জোকাৰণি : ৬ বি আৰ এছ নেতাৰ কংগ্ৰেছত যোগদান - Former Telangana CM KCR

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 5:48 PM IST

BRS MLCs Joined Congress : বৃহস্পতিবাৰে মাজনিশা এক বজাত মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু ৰাজ্যিক কংগ্ৰেছৰ প্ৰভাৰী দীপা দাসমুন্সিৰ উপস্থিতিত এই ছয়গাৰকী বি আৰ এছৰ এম এল চিয়ে কংগ্ৰেছত যোগদান কৰে ।

BRS MLCs Joined Congress
বি আৰ এছ নেতাৰ কংগ্ৰেছত যোগদান (ETV Bharat Assam)

নিউজ ডেস্ক, ৫ জুলাই : শেহতীয়াভাৱে তেলেংগানাৰ শাসন ক্ষমতাৰ পৰা বিতাড়িত বি আৰ এছ দলত মোক্ষম আঘাত । বৃহস্পতিবাৰে মাজনিশা প্ৰাক্তন মুখ্যমন্ত্ৰী কে চি আৰ নেতৃত্বাধীনদলটোৰ পৰা ছয়গৰাকী বিধান পৰিষদৰ সদস্যই (এম এল চি) একেলগে কংগ্ৰেছত যোগদান কৰে । উল্লেখ্য, বি আৰ এছ নেতাকেইগৰাকীৰ কংগ্ৰেছত যোগদান প্ৰক্ৰিয়া অতি সংগোপনে তথা কোনো ধৰণৰ পূৰ্বৱৰ্তী ধাৰণা অবিহনেই সংঘটিত হয় ।

বৃহস্পতিবাৰে মাজনিশা এক বজাত মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু ৰাজ্যিক কংগ্ৰেছৰ প্ৰভাৰী দীপা দাসমুন্সিৰ উপস্থিতিত এই ছয়গাৰকী বি আৰ এছj এম এল চিয়ে কংগ্ৰেছত যোগদান কৰে । কংগ্ৰেছত যোগদান কৰা বি আৰ এছৰ এম এল চিকেইগৰাকী হৈছে ভানু প্ৰসাদ, বাসৱৰাজু সাৰিয়াহ, দাণ্ডে বিথাল, এম এছ প্ৰভাকৰ, য়েগে মল্লেশম আৰু বগাৰাপু দয়ানন্দ ।

উল্লেখ্য যে তেওঁলোক আটাইকেইগৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়া হায়দৰাবাদৰ এখন হোটেলত একত্ৰিত হয় আৰু তাৰ পৰা গৈ নিশা প্ৰায় ১১.৩০ বজাত জুবিলি হিলছস্থিত মুখ্যমন্ত্ৰী ৰেৱন্তৰ বাসগৃহত উপস্থিত হয় । সেই সময়ত মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণ সামৰি তেওঁৰ বাসগৃহত উপস্থিত হৈছিল । মুখ্যমন্ত্ৰীৰ উপস্থিতিতে তেওঁলোকে কংগ্ৰেছত যোগদান কৰে । উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজহ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডী, প্ৰাক্তন মন্ত্ৰী সুদৰ্শন ৰেড্ডী, জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেন্দ্ৰ ৰেড্ডী আৰু ৰাজ্যিক কংগ্ৰেছৰ অন্যান্য নেতাসকল । দিল্লীৰ পৰা মুখ্যমন্ত্ৰী ৰাজ্যখনলৈ উভতি অহাৰ কেইমিনিটমানৰ ভিতৰতে এই যোগদান কাৰ্যসূচী সম্পূৰ্ণ হয় ।

উল্লেখ্য যে ইতিমধ্যে ছয়গৰাকী বি আৰ এছ বিধায়কে কংগ্ৰেছত যোগদান কৰিছে । তেওঁলোকৰ ভিতৰত আছে দানা নাগেন্দ্ৰ, কেদিয়াম শ্ৰীহৰি, টেলাম ভেংকটৰাও, পোচাৰাম শ্ৰীনিবাস ৰেড্ডী, সঞ্জয় কুমাৰ আৰু কালে য়াদয়াহ । তেলেংগানা বিধান পৰিষদৰ অধ্যক্ষ গুট্টা সুখেন্দ্ৰ ৰেড্ডীৰ পুত্ৰ অমিতেও কংগ্ৰেছত যোগদান কৰিছিল । আনহাতে, দলটোৰ নেতাসকলে দলত্যাগ কৰাৰ পিচত ইতিমধ্যে সমস্যাত পৰিছে বি আৰ এছ । শেহতীয়াকৈ বি আৰ এছৰ পৰা আৰু ছয়গৰাকী এম এল চিৰ প্ৰস্থানৰ ঘটনাটোৱে দলটোক অধিক সংকটৰ মাজলৈ ঠেলি দিলে ।

লগতে পঢ়ক :সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ দিল্লীলৈ ৰাওনা কাৰাবন্দী অমৃতপাল সিং - Amritpal Singh gets parole
লগতে পঢ়ক :কাৰামুক্ত হৈ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ হেমন্ত ছোৰেনৰ - HEMANT SOREN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.