অসম

assam

নামনি সোৱনশিৰি বান্ধক লৈ সৰৱ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ

By

Published : Jul 25, 2019, 6:47 PM IST

বহু বিতৰ্কিত তথা ভয়াৱহ নামনি সোৱনশিৰি নদীবান্ধক লৈ কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিক লৈ অসন্তুষ্টি ব্যক্ত কৰিলে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৷

অভিজিত শৰ্মা

নিউজ ডেস্ক, 25 জুলাইঃ 2000 মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱনশিৰি নদীবান্ধক লৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিক সমালোচনা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ৷ অসম পাব্লিক ৱৰ্কছে দাখিল কৰা এক আবেদনৰ আঁত ধৰি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে গঠন কৰি দিয়া তিনিজনীয়া বিশেষজ্ঞ কমিটিত 2ৰ পৰা 3 গৰাকী অধিক নিৰপেক্ষ বিশেষজ্ঞৰ সংযোজন কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰাধিকৰণে ৷

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ হৈ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল, ন্যায়াধীশ এছ পি ৱাংৰি, ন্যায়াধীশ কে ৰামাকৃষ্ণন আৰু বিশেষজ্ঞ সদস্য ডাঃ নাগিন নন্দাই চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰে ৷ গোচৰীয়া পক্ষৰ অধিবক্তা সঞ্জয় উপাধ্যায়ে এই কথা উল্লেখ কৰিছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত অসম পাৱ্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই কয় যে, "ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে আমাৰ আবেদন গ্ৰহণ কৰিছে ৷ সন্মানীয় ন্য়ায়ালয়েও বিশেষজ্ঞ কমিটিত আৰু অধিক সদস্যৰ অন্তৰ্ভূক্তি কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে ৷"

চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিখন নেশ্বনেল হাইড্ৰ' পাৱাৰ কৰ্পৰেশ্বনৰ ফালে একপক্ষীয় বুলি দাবী কৰি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত এক আবেদন দাখিল কৰিছিল ৷

ABOUT THE AUTHOR

...view details