অসম

assam

চন্দ্ৰ কক্ষপথৰ ভিতৰত প্ৰৱেশ কৰিলে বিক্ৰমে

By

Published : Sep 3, 2019, 2:29 PM IST

চন্দ্ৰযান - 2 ৰ পৰা পৃথক হোৱাৰ এদিন পাছতে মঙলবাৰে চন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰিলে বিক্ৰমে ৷ এই তথ্য প্ৰদান কৰিছে ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান সংস্থা চমুকৈ ইছৰোয়ে ৷ ইছৰোৰ তথ্য অনুসৰি, এই অভিযানৰ আৰম্ভণি হৈছিল পুৱা 8.50 বজাত ৷

চন্দ্ৰ কক্ষপথৰ ভিতৰত প্ৰৱেশ কৰিলে বিক্ৰমে

নেশ্বনেল ডেস্ক, 3 ছেপ্তেম্বৰ : চন্দ্ৰযান - 2 ৰ পৰা পৃথক হোৱাৰ এদিন পাছতে মঙলবাৰে চন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰিলে বিক্ৰমে ৷ এই তথ্য প্ৰদান কৰিছে ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান সংস্থা চমুকৈ ইছৰোয়ে ৷ ইছৰোৰ তথ্য অনুসৰি, এই অভিযানৰ আৰম্ভণি হৈছিল পুৱা 8.50 বজাত ৷ কেৱল 4 মিনিটতে এই অভিযান সফলভাৱে সম্পন্ন কৰা হয় ৷ বিক্ৰমৰ কক্ষপথ 104 কি.মি.x 128 কি.মি. বুলি জানিবলৈ দিয়ে ইছৰোয়ে ৷ প্ৰথমটো কক্ষপথ প্ৰৱেশ অভিযানৰ সফল সামৰণি পৰাৰ পাছতে আনটো অভিযান বুধবাৰে 3.30 ৰ পৰা 4.30 বজাৰ ভিতৰত সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে ৷

চন্দ্ৰ কক্ষপথৰ ভিতৰত প্ৰৱেশ কৰিলে বিক্ৰমে

উল্লেখ্য যে, জুলাইৰ 22 তাৰিখে চন্দ্ৰযান - 2 ৰ সফল উৎক্ষেপন কৰা হৈছিল ৷

TAGGED:

ABOUT THE AUTHOR

...view details