ETV Bharat / bharat

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা ৰাজ্যসভাৰ নেতা হিচাপে নিযুক্তি - J P Nadda As Leader Of Rajya Sabha

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 2:22 PM IST

Health Minister J P Nadda : তথ্য অনুসৰি, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক ৰাজ্যসভাৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে । ৰাজনৈতিক ক্ষেত্ৰখনৰ এই বিশেষ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে ৷

Health Minister J P Nadda
জে পি নাড্ডা ৰাজ্যসভাৰ নেতা হিচাপে নিযুক্তি (IANS)

নেশ্যনেল ডেস্ক, 27 জুন : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক বৃহস্পতিবাৰে ৰাজ্যসভাত সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হয় । ৰাজ্যসভাত চলি থকা সংসদ অধিৱেশনৰ সময়ত অধ্যক্ষ জগদীপ ধনখড়ে কয় যে শ্ৰীজগত প্ৰকাশ নাড্ডাক ৰাজ্যসভাত সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে ।

জগদীপ ধনখড়ে এই ঘোষণা কৰাৰ সময়ত সদনত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত আছিল । এই ঘোষণাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে নড্ডাক সদনৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল আৰু একেখিনি কথাই উচ্চ সদনলৈও প্ৰেৰণ কৰা হৈছিল ।

পীয়ুষ গোৱেলৰ ঠাইত নড্ডাক সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হয় । উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে নাড্ডাই কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ কার্যালয়ৰ দায়িত্ব গ্ৰহণ কৰে ৷ ইয়াৰ লগতে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়তো তেওঁক নিযুক্তি দিয়া হৈছিল ।

লগতে পঢ়ক : আপত্তিজনক এক্স পোষ্ট : জে পি নাড্ডা, অমিত মালব্য আৰু বি ৱাই বিজয়েন্দ্ৰক চমন বেংগালুৰু আৰক্ষীৰ - X post Case

  • জে পি নাড্ডা কোন?

১৯৭৫ চনত নড্ডা ৰাজনৈতিক ক্ষেত্ৰখনৰ লাইমলাইটলৈ আহে, যেতিয়া তেওঁ জে পি আন্দোলন নামেৰেও পৰিচিত বিহাৰ আন্দোলনৰ কৰ্মী হিচাপে নিজৰ কাম আৰম্ভ কৰিছিল । ইয়াৰ পাচতে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) ত যোগদান কৰি পাটনা বিশ্ববিদ্যালয়ত ছাত্ৰ কেন্দ্ৰীয় সংঘৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ৷ তাৰ পাচত ১৯৭৭ চনত ইয়াৰ সম্পাদক ৰূপে নিৰ্বাচিত হয় ।

তথ্য অনুসৰি, ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ ৰাঁচীত ছাত্ৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল । ২০১২ চনত প্ৰথমবাৰৰ বাবে হিমাচল প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় ৷ তাৰ পাচতে ২০১৪ চনত বিজেপিৰ সংসদীয় ব’ৰ্ডৰ সদস্য হিচাপে অমিত শ্বাহে দলৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰে ।

ইয়াৰ পূৰ্বে ১৯৯৩ চনৰ পৰা ২০০৭ চনলৈ তেওঁ হিমাচল প্ৰদেশৰ বিলাসপুৰ বিধানসভাতো তিনিবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে পঢ়ক : ৪০০ৰো অধিক আসনত জয়ী হ’ব বিজেপি; আত্মবিশ্বাসেৰে ক’লে জেপি নাড্ডাই - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.