ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত পদ্ম বিভূষণ ৰামোজী ৰাওৰ স্মৃতিত স্মৃতিচাৰণ সভাৰ আয়োজন চন্দ্ৰবাবু চৰকাৰৰ - Tribute to Ramoji Rao

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:58 AM IST

Padma Vibhushan Ramoji Rao : ৰামোজি গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওলৈ শ্ৰদ্ধা জনাই আজি এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৷ এই সভাত ৰাজনীতি, সাংস্কৃতিক ক্ষেত্ৰৰ লগতে বহু সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

Chandrababu Govt To Hold Memorial Service For Padma Vibhushan Ramoji Rao
ৰামোজী ৰাওৰ স্মৃতিত স্মৃতিচাৰণ সভাৰ আয়োজন (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৭ জুন : ৰামোজী ৰাও; নামেই যাৰ পৰিচয় ৷ ৰাও আছিল এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ৷ সকলোকে কন্দুৱাই ৮ জুনত এই ইহসংসাৰ ত্যাগ কৰে পদ্ম বিভূষণ ৰামোজী ৰাওৱে ৷ ৰামোজী ৰাওলৈ শেষ শ্ৰদ্ধা জনাই অন্ধ্ৰ প্ৰদেশ চৰকাৰে ২৭ জুন অৰ্থাৎ আজি আয়োজন কৰিছে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা ৷

অন্ধ্ৰ প্ৰদেশ চৰকাৰে স্মাৰক পত্ৰ জাৰি কৰি ৰামোজী ৰাওৰ স্মৃতিচাৰণ সভাখন এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান বুলি ইতিমধ্যে ঘোষণা কৰিছে । ৰাজ্যিক কাৰ্যসূচী হিচাপে আয়োজন কৰা স্মৃতি সভাখনৰ বাবে ৫ জন মন্ত্ৰী আৰু ১২ জন বিষয়াৰে গঠিত দুখন সমিতিও গঠন কৰা হৈছে ।

মন্ত্ৰীৰ এই সমিতিৰ সদস্যকেইজন হ’ল কে. পাৰ্থ সাৰথি, নান্দেদলা মনোহৰ, সত্য কুমাৰ, কোল্লু ৰবীন্দ্ৰ আৰু নিৰ্মলা ৰামনাইডু । চি আৰ ডি এৰ আয়ুক্ত কটামা ভাস্কৰৰ অধ্যক্ষতাত বিষয়াৰ এখন সমিতিখন গঠন কৰা হৈছে । কৃষ্ণ জিলাৰ কন্নুৰত অনুষ্ঠিত এই স্মৃতি সভাখন মন্ত্ৰী সমিতিয়ে পৰ্যালোচনা কৰে ।

লগতে পঢ়ক : বিশাখাপট্টনমত উন্মোচন হ’ব ৰামোজী ৰাওৰ ৭.৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি - STATUE OF RAMOJI RAO

মন্ত্ৰীৰ এই সমিতিখনে স্মৃতিচাৰণ সভা সকলো কাৰ্যসূচী পৰিচালনা সন্দৰ্ভত আলোচনা কৰে । সমিতিৰ এই বৈঠকত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুকে ধৰি বহুকেইগৰাকী মন্ত্ৰী উপস্থিত থাকে ।

লগতে জনোৱা হৈছে যে এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, ৰামোজী ৰাওৰ পৰিয়ালৰ সদস্য, কেন্দ্ৰীয় তথ্য মন্ত্ৰী, সম্পাদক গিল্ড আৰু বিশিষ্ট সাংবাদিককে ধৰি প্ৰায় ৭ হাজাৰ বিশেষ আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকিব । ইয়াৰ উপৰিও এই অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ বহু শিল্পীও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : গুৱাহাটীত ৰামোজী ৰাওৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ই টিভি ভাৰত অসম পৰিয়ালৰ - Ramoji Rao

কমিটীয়ে দিয়া তথ্য অনুসৰি, সাংস্কৃতিক জগতৰ বহু চেলিব্ৰিটি, সাংবাদিক আৰু কৃষকৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব এই সভাত । সভালৈ অহা কোনো লোক যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰবাবেও পাছ জাৰি কৰা হৈছে । স্থানীয় ৰাইজেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে ।

সভালৈ অহা সকলৰ বাহন বাবে পাৰ্কিঙৰো ব্যৱস্থা কৰা হৈছে । অই স্মৃতি সভাত প্ৰদৰ্শিত কৰা হ’ব ৰামোজী ৰাওৰ জীৱনৰ সৈতে জড়িত এখন চুটি ছবিও । মন্ত্ৰী কে. পাৰ্থ সাৰথিয়ে কয় যে সভালৈ অহা লোকসকলৰ বাবে বিশেষ গেলেৰীৰো ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : প্ৰয়াত ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলি অৰ্পণ তেলেংগানাৰ মুখ্যমন্ত্ৰী-ত্ৰিপুৰাৰ ৰাজ্যপালৰ - RAMOJI RAO PASSES AWAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.