ETV Bharat / bharat

১৪ দিন ধৰি চীনত আবদ্ধ ভাৰতীয় মাৰ্চেণ্ট নেভী বিষয়াৰ মৃতদেহ - INDIAN MERCHANT NAVY OFFICER DEATH

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 12:48 PM IST

Indian Merchant Navy Officer dies in China: মাৰ্চেণ্ট নেভী বিষয়া অনিল কুমাৰৰ ১৪ দিন পূৰ্বে চীনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল । বিষয়াগৰাকীৰ মৃতদেহ এতিয়াও চীনতে আছে । বিষয়াগৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ দাবীৰ মাজতে চৰকাৰে সহায়ৰ আশ্বাস দিছে ।

Indian Merchant Navy officer dies in China
চীনত ভাৰতীয় মাৰ্চেণ্ট নেভীৰ মৃত্যু (ETV Bharat)

নেশ্যনেল ডেস্ক,২৭ জুন : প্ৰায় ১৪ দিন পূৰ্বে ভাৰতৰ মাৰ্চেণ্ট নেভি বিষয়া অনিল কুমাৰৰ চীনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল । বিষয়াগৰাকীৰ মৃতদেহ এতিয়াও চীনতে আছে । এনে পৰিস্থিতিত বিষয়াগৰাকীৰ বৃদ্ধ মাতৃ, পত্নী তথা পৰিয়ালৰ লোকসকল হতবাক হৈ পৰিছে । ইফালে আগ্ৰাৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলে ভুক্তভোগীৰ পৰিয়ালক সহায়ৰ বাবে বুধবাৰে দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা কৰে ।

আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছে । মাৰ্চেণ্ট নেভি বিষয়া অনিল কুমাৰৰ নশ্বৰদেহ সোনকালেই ভাৰতলৈ অনা হ'ব বুলি কোৱা হৈছে । একেদৰে বিষয়াগৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে বিষয়াগৰাকীৰ পৰিয়ালেও প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিক মন্ত্ৰীক এক্সৰ জৰিয়তে বিশেষ অনুৰোধ জনাইছে । চীনৰ প্ৰৱাসী ভাৰতীয়সকলেও একেধৰণৰ প্ৰচেষ্টা চলাই আছে ।

উল্লেখ্য যে শ্বাহগঞ্জ আৰক্ষী থানাৰ চাণক্য পুৰীৰ সাই ধাম ৰেচিডেন্সিৰ বাসিন্দা ৪৯ বছৰীয়া অনিল কুমাৰ মাৰ্চেণ্ট নেভিৰ মুখ্য অভিযন্তা আছিল । অনিল কুমাৰ এমভিজিএইচ নাইটিংগেলৰ মুখ্য অভিযন্তা আছিল । তেওঁৰ জাহাজখন ড্ৰাইডকিঙৰ বাবে চীনৰ ঝেজিয়াং প্ৰদেশৰ ঝৌশান চহৰত আছিল । ১১ জুনৰ নিশা অনিলৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । তেওঁক লগে লগে ঝৌশান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । নিশা চিকিৎসাৰ অন্তত অনিল কুমাৰক পিছদিনা পুৱা চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল । কিন্তু একেদিনাই আবেলি অনিলে পুনৰ বুকুৰ বিষ অনুভৱ কৰে আৰু তেওঁক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় ।

বিষয়াগৰাকীৰ পত্নীৰ মতে তেওঁ স্বামীৰ কোম্পানী, ভাৰতীয় দূতাবাস আৰু অন্যান্য বিষয়াসকলৰ সৈতে নিৰন্তৰ যোগাযোগত আছে । স্বামীৰ মৃতদেহ যিমান সম্ভৱ সোনকালে ভাৰতলৈ প্ৰেৰণ কৰিবলৈ তেওঁ অনুৰোধ জনাই আছে । কিন্তু কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই । চীনত বাস কৰা নম্ৰতা উপাধ্যায় নামৰ এগৰাকী ভাৰতীয়ই চীনা কৰ্তৃপক্ষ আৰু ভাৰতীয় দূতাবাসৰ সৈতেও যোগাযোগ কৰিছে । ইফালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰফেছৰ এছ পি সিং বাঘেলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে হোৱা বাৰ্তালাপে আশাৰ সঞ্চাৰ কৰিছে বুলি পত্নীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :প্ৰবীণ বিজেপি নেতা এল কে আদৱানীক এইমছত ভৰ্তি - LK Advani admitted to AIIMS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.