টীয়ক/যোৰহাট, ৮ জুন :নগালেণ্ডৰ চাংকিত শোকাৱহ পথ দুৰ্ঘটনাত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ দুই ছাত্ৰৰ কৰুণ মৃত্যু । নগালেণ্ডৰ মোককচোং জিলাৰ মাকলোম্বা থানাৰ অন্তৰ্গত চাংকি বস্তিৰ সমীপত AS-04-AB-9974 নম্বৰৰ স্কুটিসহ দুই যুৱক প্ৰায় ২০০ ফুট তলত পাহাৰৰ দ খাৱৈত পৰি থিতাতে নিহত হয় ৷
নগালেণ্ডৰ চাংকিত শোকাৱহ পথ দুৰ্ঘটনা; দ খাৱৈত পৰি নিহত যোৰহাটৰ দুই ছাত্ৰ
নগালেণ্ডৰ চাংকিত শোকাৱহ পথ দুৰ্ঘটনাত নিহত যোৰহাটৰ দুই ছাত্ৰ (ETV Bharat Assam)
Published : Jun 8, 2024, 11:24 AM IST
দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰদ্বয় শিৱসাগৰ জিলাৰ জাঁজী গড়মূৰ ব্ৰাহ্মণ গাঁৱৰ আকাশ গোৱালা আৰু টীয়কৰ তামুলীছিগা চাপৰি গাঁৱৰ দ্বীপজ্যোতি গগৈ বুলি জানিব পৰা গৈছে । প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আছিল দুয়োজন । বন্ধুৰ সৈতে পাঁচজনীয়া এটা দল ফুৰিবলৈ গৈছিল চাংকিলৈ । ইতিমধ্যে নগালেণ্ড আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি টীয়ক আৰক্ষীকৰ সৈতে যোগাযোগ কৰিছে ।