ETV Bharat / sports

সদস্যৰ সংখ্যা বাঢ়িল ৰোহিত শৰ্মাৰ পৰিয়ালত... - ROHIT SHARMA RITIKA SAJDEH BABY

টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ ঘৰলৈ নতুন সদস্যৰ আগমন ৷ দ্বিতীয়বাৰৰ বাবে পিতৃত্বৰ গৌৰৱৰে গৌৰৱান্বিত ভাৰতীয় ক্ৰিকেটাৰগৰাকী ৷

Rohit Sharma Ritika Sajdeh Baby
পত্নীৰ সৈতে ৰোহিত শৰ্মা (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 16, 2024, 3:52 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ সৌভাগ্য অৰ্জন কৰিছে ৷ ক্ৰিকেটাৰগৰাকীৰ পত্নী ৰিতিকা সজদেহে জন্ম দিছে এটি পুত্ৰ সন্তান ৷

শুকুৰবাৰৰ নিশাৰে পৰা সামাজিক মাধ্যমত খলকনি তুলিছে এই খবৰে ৷ অৱশ্যে দেৰীকৈ সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰ সৈতে এই সুখবৰ শ্বেয়াৰ কৰে ৰোহিত শৰ্মাই ৷

ৰোহিতৰ পত্নী ৰিতিকাই জন্ম দিছে পুত্ৰ সন্তান

দম্পতীটোৱে সামাজিক মাধ্যমৰ জৰিয়তে আনুষ্ঠানিকভাৱে তেওঁলোকৰ ঘৰলৈ নতুন সদস্যৰ আগমন ঘটাৰ কথা জানিবলৈ দিয়ে ৷ ৰোহিত আৰু ৰিতিকাৰ প্ৰথমটো কন্যা সন্তানৰ পিছত শুকুৰবাৰে নিশা পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য ঘটে ৷ ৰোহিতৰ কন্যা চামাইৰাৰ জন্ম হৈছিল 2008 চনৰ 30 ডিচেম্বৰত ৷

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা বিৰত আছিল

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলৰ সৈতে পাৰ্থলৈ ভ্ৰমণ কৰা নাছিল । ইয়াক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত চলিছিল বহু জল্পনা-কল্পনা ৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাৰ প্ৰথমখন টেষ্ট 22 নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ'ব । অষ্ট্ৰেলিয়ালৈ উৰা মৰাৰ পূৰ্বে সংবাদমেলত ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে কৈছিল যে, ৰোহিতৰ অনুপস্থিতিৰ বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক নিশ্চিতি নাই ।

প্ৰথমখন টেষ্টত অনুপস্থিতিৰ আশংকা

গম্ভীৰে সংবাদমেলত কৈছিল, "এই মুহূৰ্তত কোনো নিশ্চিতি নাই । আশা কৰো তেওঁ উপলব্ধ হ'ব । আমি আপোনালোকক জনাম" ৷ মুখ্য প্ৰশিক্ষকগৰাকীয়ে লগতে কৈছিল যে যদি ৰোহিতে প্ৰথমখন মেচত খেলিব নোৱাৰে, তেন্তে সহ অধিনায়ক তথা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে অধিনায়কৰ ভূমিকা পালন কৰিব ।

কেৱল অধিনায়কত্বই নহয়, ৰোহিতৰ অনুপস্থিতিয়ে দলটোত এগৰাকী নতুন অ’পেনাৰৰ বাবে দুৱাৰ মুকলি কৰিব । "যদি ৰোহিত উপলব্ধ নহয়, তেন্তে অষ্ট্ৰেলিয়াত আমাৰ দলৰ অভিমন্যু ঈশ্বৰণ আৰু কে এল ৰাহুল আছে । আমি সিদ্ধান্ত ল’ম" ৷ বুলিও গম্ভীৰে কৈছিল ৷

ৰোহিত অষ্ট্ৰেলিয়ালৈ ৰাওনা হ'বনে ?

দ্বিতীয়টো সন্তানৰ জন্মৰ পিছত ৰোহিত শৰ্মাই 22 নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ'বলগীয়া প্ৰথমখন টেষ্টত অংশগ্ৰহণ কৰিবলৈ অষ্ট্ৰেলিয়ালৈ ৰাওনা হ'ব নে নাই, সেয়া চাবলৈ আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চতুৰ্থ এদিনীয়াত জয় লাভেৰে টি-20 শৃংখলা দখল ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.