ETV Bharat / state

কোনে আক্ৰমণ কৰিছিল ৰাইডাঙৰ সহকাৰী পৰিচালকক ? ডুমডুমাত পথ অৱৰোধ - PROTEST IN DOOM DOOMA

দুৰ্বৃত্তই চাহ বাগিচাৰ পৰিচালকক আক্ৰমণ কৰাক লৈ ডুমডুমাৰ হাঁহচৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ । পথ অৱৰোধত আৱদ্ধ শতাধিক যান-বাহন ।

Road blockade
দুৰ্বৃত্তক আটক কৰাৰ দাবীত পথ অৱৰোধ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 3:30 PM IST

তিনিচুকীয়া: দুৰ্বৃত্তই চাহ বাগিচাৰ পৰিচালকক আক্ৰমণ কৰাক লৈ উত্তাল হৈ পৰিছে ডুমডুমা । শনিবাৰে পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ হাঁহচৰাত শনিবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকে ।

বাগিচাখনৰ শতাধিক শ্ৰমিকে পথ অৱৰোধ কৰাৰ সময়ত ৰাজপথত বহি পৰে প্ৰতিবাদকাৰীসকলে । ৰাজপথত বহি বাগিচাখনৰ সহ-পৰিচালকক আক্ৰমণ কৰা দুৰ্বৃত্তক আটক কৰক, উক্ত ঘটনাৰ উচিত তদন্ত কৰক, দোষীক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰক আদি বিভিন্ন শ্ল’গানেৰে সৃষ্টি কৰে এক উত্তাল পৰিৱেশৰ ।

দুৰ্বৃত্তক আটক কৰাৰ দাবীত পথ অৱৰোধ (ETV Bharat Assam)

ঘটনা অনুসৰি, শুকুৰবাৰে নিশা কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ডুমডুমাৰ ৰাইডাং চাহ বাগিচাৰ সহ-পৰিচালক ৰাজীৱ থাপাক । চাহ বাগিচাৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল সহ-পৰিচালকগৰাকীক । তাৰ পাছতে সৰৱ হৈ পৰে বাগিচাখনৰ চাহ শ্ৰমিকসকল । আৰক্ষী প্ৰশাসনে দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত পথ অৱৰোধ কৰি সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ । পথ অৱৰোধৰ ফলত বহু সময়লৈ আৱদ্ধ হৈ পৰে শ শ যান-বাহন ।

পৰৱৰ্তী সময়ত পথ অৱৰোধস্থলীত স্থানীয় আৰক্ষীৰ লগতে প্ৰশাসনিক বিষয়া উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰতিবাদকাৰীসকলৰ স’তে এক আলোচনাত মিলিত হৈ উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰে । আৰক্ষী আৰু প্ৰশাসনৰ স’তে প্ৰতিবাদকাৰীসকল আলোচনাত মিলিত হোৱাৰ পাছতে নিজৰ দাবীসমূহ উল্লেখ কৰি মুকলি কৰে ৰাষ্ট্ৰীয় ঘাইপথটো ।

লগতে পঢ়ক: সংকটত অসম ৰাজ্যিক পৰিবহণ নিগম : ১২০ কোটি টকা উপাৰ্জনৰ বিপৰীতে খৰচ ২১০ কোটি টকা

টীয়ক এফ আৰ ইউত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.