কলিয়াবৰ, 1 জুলাই: ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত ৰাজ্যবাসী সন্মুখীন হৈছে অভাৱনীয় পৰিস্থিতিৰ । নেৰানেপেৰা বৰষুণৰ ফলত কলিয়াবৰৰ চতিয়ালত 715 নং ৰাষ্ট্ৰীয় ঘাইপথত এডাল প্ৰকাণ্ড গছ পথৰ ওপৰত বাগৰি পৰে । সোমবাৰৰ কাহিলীপুৱাতে সংঘটিত হোৱা এই ঘটনাৰ ফলত উজনি-নামনিৰ যাতায়ত ব্যৱস্থা কেবাঘণ্টা ধৰি ব্যাহত হয় ।
নেৰানেপেৰা বৰষুণ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ; ব্যাহত যাতায়ত ব্যৱস্থা
Published : Jul 1, 2024, 9:57 AM IST
![নেৰানেপেৰা বৰষুণ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ; ব্যাহত যাতায়ত ব্যৱস্থা Traffic jams occurred on NH 715 in kaliabor due to falling tree](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-07-2024/1200-675-21836750-thumbnail-16x9-88.jpg)
নেৰানেপেৰা বৰষুণ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ; ব্যাহত যাতায়ত ব্যৱস্থা (ETV Bharat Assam)
বাছ যাত্ৰীসকলে জনোৱা মতে, পুৱা প্ৰায় 4.30 বজাত গছডাল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে আৰু বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হৈ যান-জঁটৰ সমস্যাই দেখা দিয়ে । আৰক্ষী, বন, দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ প্ৰকাণ্ড গছডাল আঁতৰাই পেলোৱাৰ পাচত যাতায়ত ব্যৱস্থা পুনৰ সুচল হৈ পৰে ।