ETV Bharat / snippets

বিশ্বনাথত দুটাকৈ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এজনৰ

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 12:27 PM IST

ROAD ACCIDENT in BISWANATH
বিশ্বনাথত দুটাকৈ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এজনৰ (ETV Bharat Assam)

বিশ্বনাথ, 3 জুলাই: গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰৰ পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । গহপুৰৰ টকৌবাৰীত সংঘটিত এই পথ দুৰ্ঘটনাত এখন চাইকেলসহ দুখনকৈ মটৰ চাইকেল দুৰ্ঘটনাত পতিত হয় ৷ কথমপি প্ৰাণ ৰক্ষা পৰে আটাইকেইজনৰে ।

জানিব পৰা মতে, AS 25 EC 7877 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনে পথৰ কাষত ৰখাই থোৱা AR 01 B 5462 আৰু AS 12 AA 4579 নম্বৰৰ দুখন মটৰ চাইকেল আৰু এখন চাইকেলত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । প্ৰত্যক্ষদৰ্শীয়ে চালকজনক কৰায়ত্ত কৰি হেলেম আৰক্ষীক গতাই দিয়ে । আনহাতে, বিশ্বনাথৰ বালিপুখুৰীত সংঘটিত দ্বিতীয়টো পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় জয়ৰাম গায়ন নামৰ এজন লোক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.