ETV Bharat / snippets

বঙাইগাঁৱত জব্দ অবৈধভাৱে সৰবৰাহ কৰা অগৰু

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:22 AM IST

Illegally smuggled Agarwood seized in BONGAIGAON
বঙাইগাঁৱত জব্দ অবৈধভাৱে সৰবৰাহ কৰা অগৰু (ETV Bharat Assam)

বঙাইগাঁও, 5 জুলাই: নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ বৃহৎ সফলতা । আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত নামনিমুৱা লোকমান্য তিলক এক্সপ্ৰেছত অভিযান চলাই 45 কাৰ্টন অগৰু জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰে মুঠ 41 কাৰ্টন শুকান অগৰু আৰু 4 কাৰ্টন জুলীয়া অগৰু আছিল ৷

এক গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰি ৰে’ল আৰক্ষীয়ে নিউ বঙাইগাঁও ষ্টেচনত চলাইছিল এই অভিযান । অবৈধভাবে গুৱাহাটীৰ পৰা মুম্বাইলৈকে ৰে’লযোগে সৰবৰাহ কৰাৰ বাবে নিয়া হৈছিল এই অগৰুখিনি । এই অগৰুখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা হ’ব । বিষয় সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.