ETV Bharat / snippets

ভূ-লুণ্ঠিত মানৱতা : মেজিক ষ্টেণ্ডত উদ্ধাৰ সদ্যোজাত সন্তান

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:18 AM IST

new born baby rescued at Kalitakuchi magic stand in guwahati
নৱজাতক উদ্ধাৰ (ETV Bharat)

গুৱাহাটী, 5 জুলাই : গুৱাহাটী মহানগৰীত পুনৰ ভূ-লুণ্ঠিত মানৱতা । বৃহস্পতিবাৰে বীৰকুছিৰ কলিতাকুছি অঞ্চলত ঘটা এটা শিহৰণকাৰী ঘটনাৰ কথা পোহৰলৈ আহিছে । আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি, কলিতাকুছিৰ মেজিক ষ্টেণ্ডত দিনৰ ভাগতে উদ্ধাৰ হয় এটি জীৱিত নৱজাতক কন্যা সন্তান । পথৰ দাঁতিত শিশুৰ কান্দোন শুনি স্থানীয় কেইগৰাকীমান মহিলাই উক্ত স্থানত উপস্থিত হৈ নৱজাতকটোক উদ্ধাৰ কৰে । পিছত স্থানীয় লোকে খবৰ দিয়ে নুনমাটি আৰক্ষীক ।

ঘটনাস্থলীত উপস্থিত হৈ নুনমাটি আৰক্ষীয়ে নৱজাতক সন্তানটি উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে । বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত থকা কন্যা সন্তানটি শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.