মাজুলী,২ জুলাই :ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নদীদ্বীপ মাজুলীও বানৰ কৱলত পৰিছে । যাক লৈ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তাৰ মাজতে 'ভূতৰ ওপৰত দানহ' পৰা দি ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণে ৰাইজক শংকিত কৰি তুলিছে ।
বানৰ মাজতে মাজুলীত বাঘৰ আতংক
Published : Jul 2, 2024, 3:45 PM IST
![বানৰ মাজতে মাজুলীত বাঘৰ আতংক Tiger scare in Majuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-07-2024/1200-675-21848972-thumbnail-16x9-tiger-08-aspera.jpg)
বানৰ মাজতে মাজুলীত বাঘৰ আতংক (ETV Bharat)
মাজুলী থানাৰ অন্তৰ্গত টটয়া গাঁৱৰ ৰাইজে মঙলবাৰে পুৱাই এটা ঢেঁকীয়াপতীয়া প্ৰত্যক্ষ কৰে । পিচত ঢেঁকীয়াপতীয়াটো গাঁওখনৰ পৰা কিছু আঁতৰি যায় যদিও অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ৰাইজৰ অভিযোগৰ ভিত্তিত বন বিভাগৰ লোকসকল গাঁওখনত উপস্থিত হৈছে আৰু ঢেঁকীয়াপতীয়াটোক খেদি পঠিওৱাৰ চেষ্টা চলাইছে ।