ETV Bharat / snippets

কাৰ মৃতদেহ উটি আহিল বৰমালৈ ?

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 9:36 PM IST

DEAD BODY IN BAKSA
কাৰ মৃতদেহ উটি আহিল বৰমালৈ ? (ETV Bharat Assam)

বাক্সা, ৬ জুলাই: বৰমাস্থিত টিহু আৰক্ষী থানাৰ অন্তৰ্গত নমাটি কদমতলচকত শনিবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষৰ কদমতল চ’কৰ জানত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰা হয় ৷

ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত টিহু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰা হয় ৷ মৃতদেহটো বানত উটি অহাৰো সন্দেহ কৰে একাংশ লোকে ৷ প্ৰায় ৫০ বছৰীয়া লোকজনে ক’লা ৰঙৰ টি-ছাৰ্ট আৰু ক’লা ৰঙৰ হাফপেণ্ট পৰিধান কৰি আছিল ৷ বাতৰি লিখা সময়লৈ মৃতদেহটো চিনাক্ত হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.