অসম

assam

তেজপুৰ গজৰাজ কৰ্পছৰ নতুন জি অ' চি লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 9:14 PM IST

Etv Bharat
Etv Bharat (PRO Defence)

তেজপুৰ, ১ আগষ্ট : লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিং, এ ভি এছ এম, ৱাই এছ এম জেনেৰেল অফিচাৰ অৱ কমাণ্ডিং জি অ' চিয়ে আজি তেজপুৰ মিছন চাৰিআলিৰ গজৰাজ কৰ্পছৰ কমাণ্ড গ্ৰহণ কৰে। গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে নতুন জি অ’ চি লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিঙে লেফটেনেণ্ট জেনেৰেল এম এম এৰী, ইউ ৱাই এছ এম, এ ভি এছ এম, এছ এমৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে। কাৰ্যকালৰ আৰম্ভণিৰ স্মৃতিত সেনা বাহিনীৰ গজৰাজ কৰ্পছৰ দায়িত্ব লোৱা বিষয়াগৰাকীয়ে ভাৰতীয় সেনাৰ শ্বহীদ বীৰসকলৰ অমূল্য ত্যাগৰ বাবে কৰ্পছৰ চৌহদত শ্ৰদ্ধাঞ্জলি জনায়।

ABOUT THE AUTHOR

...view details