ETV Bharat / state

শিক্ষামন্ত্ৰীৰ গৃহ জিলাৰ পৰাই ভাইৰেল ADREৰ প্ৰশ্নকাকত; আৰক্ষীৰ জালত মহিলাসহ ১০ গৰাকী লোক - ADRE question Paper leak

ADRE 2024 : উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হয় । পৰীক্ষাৰ এদিন পিচতে ম’বাইলে ম’বাইলে ভাইৰেল প্ৰশ্নকাকত । আৰক্ষীয়ে ইতিমধ্যে প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ ১০ গৰাকী লোকক আটক কৰিছে ৷

ADRE question Paper leak
শিক্ষা মন্ত্ৰীৰ গৃহ জিলাৰ পৰাই ভাইৰেল ADREৰ প্ৰশ্নকাকত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 8:37 AM IST

জোনাই/ধেমাজি, ১৭ ছেপ্টেম্বৰ : শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বিষয়টোৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত ADRE-২০২৪ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে তৎপৰ হৈছে অসম আৰক্ষী ।

শিক্ষামন্ত্ৰীৰ গৃহ জিলাৰ পৰাই ভাইৰেল ADREৰ প্ৰশ্নকাকত (ETV Bharat Assam)

কটকটীয়া নিৰাপত্তা আৰু স্বচ্ছতাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰে প্ৰতিগৰাকী প্ৰাৰ্থীক তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ পিচতো প্ৰশ্নকাকত ভাইৰেল হোৱাত বিভিন্ন মহলে চৰকাৰক সমালোচনা কৰাও দেখা গৈছে ।

  • ক'ৰ পৰা ভাইৰেল প্ৰশ্নকাকত ?

কিন্তু আপুনি জানেনে প্ৰশ্নকাকত ক'ৰ পৰা ভাইৰেল হ'ল ? শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ পৰাই ভাইৰেল হ'ল প্ৰশ্নকাকত (Question Booklet)। ভাইৰেল হোৱা প্ৰশ্নকাকতৰ পৃষ্ঠাটো আছিল জিলাখনৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী পৰীক্ষা কেন্দ্ৰটোৰ ।

ADRE question Paper leak
প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকা অভিযুক্ত (ETV Bharat Assam)
  • কোনে কৰিলে ভাইৰেল ?

প্ৰশ্নকাকত ফাদিল হোৱাৰ ভয়তে প্ৰশাসনে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে নিছিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল । প্ৰতিগৰাকী প্ৰাৰ্থীকে তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছিল । ইফালে পৰীক্ষাৰ নিয়ম অনুসৰি OMR শ্বীটৰ লগতে প্ৰশ্নকাকতো প্ৰাৰ্থীয়ে জমা দিব লাগে । তেনেস্থলত কোনো প্ৰাৰ্থীয়ে প্ৰশ্নকাকতৰ ফটো তুলিব পৰা সুবিধা নাই !

তেনেহ'লে কোনে ফটো তুলি সামাজিক মাধ্যমত ভাইৰেল কৰিলে প্ৰশ্নকাকতৰ এটা অংশ ? ভাইৰেল হোৱা ফটোখন অনুসৰি প্ৰশ্নকাকতৰ (বুকলেট) নম্বৰ আছিল ১০৩৫০৩৪ । সেই প্ৰশ্নকাকতখনৰে পিডিএফ ফৰমেটৰ এটা অংশ ভাইৰেল হৈ পৰে । ইয়াৰ আধাৰতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে । আৰক্ষী এটা কথাত নিশ্চিত আছিল যে প্ৰশ্নকাকতৰ ফটো পৰীক্ষাকেন্দ্ৰতে লোৱা হৈছিল ।

যদি প্ৰাৰ্থীয়ে এই কাম কৰা নাছিল তেনেহ'লে কোনে কৰিলে এই নিকৃষ্ট কাম ? অৱশেষত ইয়াৰ আঁৰত থকাৰ ব্যক্তিৰ সন্ধান পালে আৰক্ষীয়ে । আচলতে উপেন্দ্ৰ নেশ্যনেল একাডেমী পৰীক্ষা কেন্দ্ৰটোত ছেবাই দায়িত্ব দিয়া ভিডিঅ'গ্ৰাফাৰে ফটোখন শ্বেয়াৰ কৰিছিল । ধেমাজিৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে ।

মূল অভিযুক্ত ভিডিঅ'গ্ৰাফাৰ মংগলসিং বসুমতাৰীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । লগতে প্ৰশ্নকাকতৰ পিডিএফৰ এটা অংশ ভাইৰেল কৰা মোবাইলটোও জব্দ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত মংগলসিং বসুমতাৰীক জেৰা অব্যাহত ৰাখিছে ।

আৰক্ষী অধীক্ষকে জনোৱা মতে ঘটনা সন্দৰ্ভত ৩ জন লোকক সোধ-পোছৰ বাবে আটক কৰা হৈছে । লগতে ইয়াৰ আঁৰত আৰু কোনো লোক জড়িত আছে নেকি তাৰ অনুসন্ধান চলাই থকা হৈছে । পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিচত ভিডিঅ'গ্ৰাফাৰে প্ৰশ্নকাকতৰ স্কেন কপি সংগ্ৰহ কৰিছিল । তাৰ পৰাই ভিডিঅ'গ্ৰাফাৰ মংগলসিং বসুমতাৰীয়ে এটা অংশ বিভিন্নজনলৈ প্ৰেৰণ কৰিছিল ।

  • আছুৰ প্ৰতিক্ৰিয়া

স্বচ্ছ আৰু নিকা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচতো এইধৰণৰ ঘটনা সংঘটিত হোৱাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ পৰাই এই ঘটনা সংঘটিত হোৱাত অধিক সমালোচনাৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ ।

ইফালে এই ক্ষেত্ৰত নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে ধেমাজি জিলা ছাত্ৰ সন্থাই । আছুৰ জিলা সভাপতিয়ে এই ক্ষেত্ৰত কয়, "প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাত বিফল হৈছে । সেয়ে প্ৰশ্নকাকত ফাদিলৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ দাবী জনাইছো ।"

  • ১০ জনক আটক

প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে ফটোগ্ৰাফাৰ মংগলসিং বসুমতাৰীৰ লগতে শিক্ষক মনোহৰ নাৰ্জাৰী আৰু দ্বিজেন বড়োক গ্ৰেপ্তাৰ কৰিছে । ইফালে এগৰাকী মহিলাসহ ১০ গৰাকী লোকক আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে । ধৃত লোককেইজন ক্ৰমে উমেশ বসুমতাৰী, দিলীপ দৈমাৰী, হৰখাপ নাৰ্জাৰী, দেৰহাচাব বসুমতাৰী, ৰৈমালু বড়ো, বিপিন বসুমতাৰী, সুমন আহমেদ, গজেন দাস, দিগন্ত বৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :দেওবাৰে দিনৰ 2.17 বজাত স্কেন হৈছিল প্ৰশ্নকাকত; চিমেন চাপৰিৰ এজনক আটক - ADRE Question Paper Leak

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.