অসম

assam

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 3:54 PM IST

ETV Bharat / snippets

বৰশীয়েই কাল হ’ল এগৰাকী ছাত্ৰৰ : কলং নৈত পৰি প্ৰাণ গ’ল টেংছুৱাত চাংমাৰ

Guwahati Student died by drowning in Kolong River
বৰশীয়ে কাল হ’ল এগৰাকী ছাত্ৰৰ, কলং নৈত পৰি প্ৰাণ গ’ল টেংছুৱাত চাংমাৰ (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুন :গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বৃহস্পতিবাৰে নদীত বৰশী মাৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল’লে চন্দ্ৰপুৰ গোবৰ্ধন অঞ্চলৰ এজন কণমানি ছাত্ৰই । মৃত ছাত্ৰজন হৈছে চন্দ্ৰপুৰৰ ডনবস্ক' স্কুলৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত টেংছুৱাত চাংমা ।

জানিব পৰা মতে, কলং নৈত বৰশী মাৰি থকাৰ সময়তে হঠাৎ পিচলি নৈত পৰি যায় ছাত্ৰজন । প্ৰত্যক্ষদৰ্শীয়ে তেওঁক উদ্ধাৰৰ বাবে চেষ্টা কৰিও ব্যৰ্থ হয় । পিচত চন্দ্ৰপুৰ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কলং নৈৰ পৰা উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহ । আৰক্ষীয়ে উদ্ধাৰ কৰা ছাত্ৰগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details