অসম

assam

ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকী; ছোনিয়া-ৰাহুলসহ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : May 21, 2024, 9:13 AM IST

Rajiv Gandhi death anniversary
ৰাজীৱ গান্ধীক ছোনিয়া-ৰাহুলসহ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি (ANI)

নেশ্যনেল ডেস্ক, ২১ মে' :আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩৩ সংখ্যক মৃত্যু বাৰ্ষিকী । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি তথা প্ৰয়াত ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধী, পুত্ৰ তথা সাংসদ ৰাহুল গান্ধী আৰু দলৰ অন্যান্য নেতাসকলে নতুন দিল্লীৰ বীৰ ভূমিত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ গান্ধী ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈ ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী আছিল । ১৯৯১ চনৰ ২১ মে'ত শ্ৰীপেৰুম্বুদুৰত তামিল উগ্ৰপন্থী এলটিটিইৰ এজন সদস্যই তেওঁক হত্যা কৰে ।

ABOUT THE AUTHOR

...view details