নাগৰিকত্ব সংশোধনী আইন বলৱৎ: প্ৰতিবাদৰ শিখা জ্বলিল গুৱাহাটীত - caa implementaion in india
Published : Mar 11, 2024, 10:28 PM IST
গুৱাহাটী, 11 মাৰ্চ : অসমীয়া জাতিৰ আৱেগ-অনুভূতি আৰু শ্বহীদৰ চৰম ত্যাগক ভৰিৰে মোহাৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিলে । নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বলৱৎ হোৱাৰ পিচতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷
আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কটনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । আছু আৰু 30 সংগঠনৰ আহ্বান মৰ্মে ৰাজ্যজুৰি আছুৱে ‘কা’ ৰ প্ৰতিলিপি দাহ কৰে । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ শ্বহীদ ন্যায়ৰ সন্মুখত ‘কা’ৰ প্ৰতিলিপি দাহ কৰি বিজেপি চৰকাৰ হায় হায়, মোদী চৰকাৰ হায় হায়, হিমন্তবিশ্ব শৰ্মা হায় হায় আদি চৰকাৰ বিৰোধী শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক : অসমৰ মানুহে কেতিয়াও এই আইন মানি লোৱা নাছিল আৰু মানি নলয় : লুৰীণজ্যোতি গগৈ