অসম

assam

বজ্ৰপাতে প্ৰাণ ল’লে দুই ভাতৃৰ : দাউ-দাউকৈ জ্বলিল নাৰিকল গছ - Lightning strike in Nagaon

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 8:16 PM IST

বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱালে দুজনে (ETV Bharat Assam)

নগাঁও, 25 জুন: মঙলবাৰে বিয়লি বজ্ৰপাতে ভয়ংকৰ ৰূপ ল’লে নগাঁৱত । বজ্ৰপাতৰ ফলত দুই ভাতৃৰ মৃত্যু হোৱাৰ লগতে আন দুজনকৈ লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে । নগাঁৱৰ ৰণথলী ৰজাভেটি গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা । মঙলবাৰে বিয়লি ৰণথলী গাঁৱৰ দুই ভাতৃ যুগল বৰা আৰু নৱদ্বীপ বৰাই নিজৰ কুঁহিয়াৰ খেতিত কাম কৰি থকা অৱস্থাতেই বজ্ৰপাতৰ ফলত মৃত্যুক আঁকোৱালি লয় । ইপিনে, বজ্ৰপাতৰ ফলত একে গাঁৱৰে আন দুজন লোক গুৰুতৰভাৱে আহত হয় । আহত দুয়োজনকে সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে । ইফালে নগাঁও চহৰৰ চকীটুপ পূজাবাৰী বজাৰৰ সমীপৰ এজোপা নাৰিকল গছত বজ্ৰ পৰাৰ ফলত নাৰিকল গছজোপাৰ ওপৰৰ অংশ জ্বলি উঠে । নাৰিকল গছজোপাত বজ্ৰ পৰাৰ ফলত মুহূৰ্ততে দাউ-দাউকৈ জুই জ্বলি উঠাত আতংকিত হৈ পৰে অঞ্চলটোৰ বাসিন্দাসকল । 

লগতে পঢ়ক: বকলীয়াঘাটৰ মাহগুৰিত বজ্ৰ পৰি চাৰিজন লোক আহত, চাৰিটা পশুধনৰ মৃত্যু

লগতে পঢ়ক: ধিঙত বজ্ৰ পৰি আহত কেবাজনো: দুজনৰ অৱস্থা সংকটজনক - Injured by thunderbolt

লগতে পঢ়ক: কলগাছিয়াৰ সত্ৰ মইনবৰীত বজ্ৰপাতত ছাত্ৰীৰ মৃত্য়ু - Thunderstorm

ABOUT THE AUTHOR

...view details