অসম

assam

ETV Bharat / videos

নলবাৰীত দুই বাইক চোৰ গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 12:55 PM IST

নলবাৰী,১৬ ফেব্ৰুৱাৰী: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নলবাৰী । এইবাৰ নলবাৰী চহৰৰ জাপাৰকুছিৰ পৰা চুৰি হোৱা এখন স্কুটী জব্দ কৰাৰ লগতে খেদি খেদি দুই চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় নলবাৰী সদৰ আৰক্ষী । নলবাৰী সদৰ থানাৰ টাউন দাৰোগা ৰুমী ঠাকুৰীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে বৃহস্পতিৰে পুৱাৰে পৰা চোৰৰ দলটোৰ সন্ধানত নামি পৰি AS-14E-2120 নম্বৰৰ স্কুটীখন জব্দ কৰাৰ লগতে দুই গাড়ী চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।  

জাপাৰকুছিৰ পম্পী কলিতাৰ নামত পঞ্জীয়নভুক্ত স্কুটীখন চুৰি কৰি নিছিল তিনি চোৰে । পিছে আৰক্ষীয়ে নলবাৰীৰ বলেন দাস আৰু হাজোৰ আকাশ দাস নামৰ দুই চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানো পলাতক আন এটা চোৰ । লক্ষণীয়ভাৱে চোৰৰ দলটোৱে স্কুটীখনৰ সকলো সামগ্ৰী এপদ এপদকৈ খুলি লোহা টিন ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল । চোৰৰ দলটোৰ এই সমগ্ৰ পৰিকল্পনা আৰক্ষীয়ে গোপনে জানিব পাৰি চলোৱা অভিযানত কৰায়ত্ত হয় দুই চোৰ । 

লগতে পঢ়ক: দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ; অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা

ABOUT THE AUTHOR

...view details