অসম

assam

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 10:59 PM IST

ETV Bharat / videos

সৰুপথাৰত দিন-দুপৰতে চোৰে লৈ গ’ল বহু আপুৰুগীয়া সম্পদ, নিলে নগদ ধনো

সৰুপথাৰ, ৩ মাৰ্চ: ধনশিৰি মহকুমাৰ পূব সৰুপথাৰ পঞ্চায়তৰ অন্তৰ্গত দ-পথাৰ গাঁৱত সংঘটিত হ’ল চুৰিকাণ্ড । উৰিয়ামঘাট থানাৰ অন্তৰ্গত দ-পথাৰ গাঁৱত দিনৰ পোহৰতেই চুৰি কৰি লৈ যায় এখন ঘৰৰ বহু মূল্যৱান সামগ্ৰী ।

দ-পথাৰ গাঁৱৰ বুবুল গগৈ আৰু দিপালী গগৈৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ডটো । ঘৰখনৰ সোণৰ থুৰিয়া, সোণৰ খাৰু, ৰূপৰ আঙুঠি, ৰূপৰ চেইন, পুৰণি সামগ্ৰী লগতে পুৰণি তামৰ পাতি পইচা, বহু সংখ্যক ফুলাম গামোচা, মোবাইল ফোনৰ লগতে কেবাহাজাৰ নগদ টকাও লৈ যায় ।

উল্লেখ্য যে ঘৰত মানুহ নথকাৰ সুযোগ লৈ এই চুৰিকাণ্ড সংঘটিত কৰে ৷ এখন কাঁচিৰে দুৱাৰ কাটি চোৰে ঘৰখনত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে । ঘৰখনৰ মূল্যৱান সামগ্ৰীৰ লগতে সাঁচতীয়া ধনখিনিও চোৰে লৈ যোৱাত শোকত ভাগি পৰিছে পৰিয়ালটোৰ লোকসকল ৷

লগতে পঢ়ক: সন্ধিয়া সৰুপথাৰৰ ৰাজপথত জ্বলিল মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details