অসম

assam

ETV Bharat / videos

জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাক লৈ উত্তাল মৰিগাঁও - Eviction drive

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:03 PM IST

মৰিগাঁও, ৫ জুলাই : মৰিগাঁও চহৰস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাত শুক্ৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মৰিগাঁও চহৰত অনুমোদন হৈছে গৌৰৱ পথ নামেৰে এটা নতুন পথ । ইয়াৰ বাবে জিলা প্ৰশাসনে চহৰখনত গৌৰৱ পথৰ দুয়োফালে থকা ক্ষুদ্ৰ ব্যৱসায়ী সকলক উচ্ছেদৰ আগজাননী প্ৰেৰণ কৰে ।  

ইয়াৰ অংশৰূপে মৰিগাঁও বিহুতলীত গণেশ এন্টাৰপ্ৰাইজ নামৰ বস্ত্ৰ বিপণিখলৈ জিলা প্ৰশাসনে জাৰি কৰিছিল জাননী । পিছে ইয়াৰ বিপৰীতে আজি কোনো ধৰণৰ জাননী জাৰি নকৰাকৈ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ বাণিজ্যিক পামৰ (ASIDC) এলেকাধীন দোকানত উচ্ছেদ অভিযান চলোৱাত ক্ষুব্ধ হৈ পৰে ব্যৱসায়ীসকল ।  

উত্তেজিত ব্যৱসায়ীসকলে প্ৰশাসনৰ লোকক কয়,"এই উচ্ছেদ চলাবলগীয়া হ'লে আমাৰ দেহৰ ওপৰৰে বুলড'জাৰ চলাব লাগিব ।" অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ বাণিজ্যিক পামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । উল্লেখ্য যে মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও ভিআইপি পুলিচ পইন্টৰ পৰা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়লৈকে অসম গৌৰৱ পথৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে ।

লগতে পঢ়ক:নলা বন্ধ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল পৌৰ নিগমৰ বিষয়া - Guwahati Municiapal Corporation

ভেণ্ডিং জ’নৰ ব্যৱস্থা নকৰালৈকে উচ্ছেদ বন্ধ ৰখাৰ দাবী পদপথ ব্যৱসায়ী সংস্থাৰ - Street Vendors In Guwahati

ABOUT THE AUTHOR

...view details